গুৱাহাটী,৯ আগষ্ট: কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমালোচনাত মুখৰ হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল। 'বিনামূলীয়া যোগান' সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে কেজৰিৱালক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ কেজৰিৱালে কয়, 'বিনামূলীয়া পানী, বিনামূলীয়া শিক্ষা প্ৰদানত কি ভুল।' কেন্দ্ৰীয় চৰকাৰে নিজৰ ঘনিষ্ঠসকলক দহ কোটি টকাৰ ঋণ ৰেহাই দিয়াৰ কথা উল্লেখ কৰি কেজৰিৱালে বিজেপিয়ে ‘বন্ধুবাদ' আৰু কংগ্ৰেছে ‘পৰিবাৰবাদ' কৰা বুলি কয়।
কোনো ৰাজনৈতিক দলৰে নাম উল্লেখ নকৰাকৈ কেজৰিৱালে দুয়োটা দলকে সমালোচনা কৰাৰ লগতে আম আদমি পার্টীয়ে 'ভাৰতবাদ’ত গুৰুত্ব দিয়ে বুলি মন্তব্য কৰে। কেৱল মন্ত্ৰীসকলেহে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব লাগে নেকি বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীজনে কয় যে সাধাৰণ জনতাই বিনামূলীয়াকৈ বিদ্যুৎ আৰু শিক্ষা লাভ কৰাত একো ভুল হ'ব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্রী কেজৰিৱালে দেশৰ জনসাধাৰণক বিনামূলীয়া শিক্ষা, বিনামূলীয়া স্বাস্থ্য সেৱা, প্ৰতিটো পৰিয়ালক তিনিশ ইউনিটকে বিনামূলীয়া বিদ্যুৎ যোগান, নিবনুৱা ভাট্টা প্রদান কৰাৰ বাবে চৰকাৰৰ প্রতি দাবী জনায়।
Comments