Cartoon
View Older
গুৱাহাটী,৬ আগষ্ট:কমনৱেলথ গেমছত ইতিহাস ৰচনা কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে ৷ হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে ছেমি ফাইনেলত আয়োজক ইংলেণ্ডক ৪ ৰাণৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰলৈ ফাইনেলত প্ৰৱেশ কৰে ৷
ভাৰতে প্ৰথমে বেটিং কৰি ৫ টা উইকেট হেৰুৱাই ১৬৪ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ হৈ তাৰকা অপেনাৰ স্মৃতি মান্ধানাই এটা সুন্দৰ ইনিংছ খেলি ৬২ ৰাণ সংগ্ৰহ কৰে । স্মৃতিৰ উপৰিও টীম ইণ্ডিয়াৰ জেমিমা ৰড্ৰিগছে অন্তিম অভাৰত দুৰ্দান্ত প্ৰদৰ্শন কৰি ইংলেণ্ডক ১৬৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ।দেওবাৰে ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়া অথবা নিউজিলেণ্ডৰ মুখামুখি হ'ব ৷ আনহাতে ইংলেণ্ডে একেদিনাই ব্ৰঞ্জৰ পদকৰ বাবে অৱৰ্তীণ হ’ব ।
Comments