গুৱাহাটী,৭ আগষ্ট: জেহাদীৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক তৎপৰতাৰ মাজতে বৰপেটা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা জেহাদী আবু বক্কৰ ছিদ্দিকক গ্ৰেপ্তাৰ ৷ যোৱা ৩ আগষ্টত আত্মসমৰ্পণ কৰা জেহাদীটোৰ ঘৰ বৰপেটাৰ যশিহাটীপাৰাত ৷ আবু বক্কৰ ছিদ্দিকক বিচাৰি বিগত সময়চোৱাত আৰক্ষীয়ে অভিযান চলাই আছিল যদিও পলাতক জেহাদীটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল ৷
অৱশেষত আৰক্ষীৰ অভিযান তীব্ৰ হৈ পৰাৰ সময়তে ৩ আগষ্টৰ নিশা আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ বাধ্য হৈ পৰিছিল জেহাদী আবু বক্কৰ ৷ আজি জেহাদীটোক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰৰ পাছত বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই জেহাদীটোক গ্ৰেপ্তাৰৰ পাছতে অধিক সোধ-পোছৰ বাবে ৫ দিনৰ জিম্মাত লয় আৰক্ষীয়ে ৷আত্মসমৰ্পণ কৰা জেহাদী আবু বক্কৰ চিদ্দিকক গ্ৰেপ্তাৰআৰক্ষী সূত্ৰই জনোৱামতে AQIS ৰ সহযোগী আনচাৰুল্লাহ বাংলা টীমৰ সৈতে প্ৰত্যক্ষ যোগাযোগ আছিল আবু বক্কৰ ছিদ্দিকৰ ।
এগৰাকী সাধাৰণ খেতিয়কৰ বেশত বৰপেটা জিলাৰ ভিন্ন স্থানত জেহাদীৰ কাৰ্যকলাপ চলাই গৈছিল আবু বক্কৰ ছিদ্দিকে ৷ আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধ জেহাদী কাৰ্যকলাপত লিপ্ত থকাৰ বহুতো তথ্য-প্ৰমাণ লাভ কৰিছে বৰপেটা আৰক্ষীয়ে ৷ ইপিনে বৰপেটা আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰা বৰপেটাৰ গৰেমাৰী গাঁৱৰ ছফিক উদ্দিন আহমেদ নামৰ এজন লোকক সোধপোচৰ অন্তত আৰক্ষীয়ে মুকলি কৰি দিছে ৷
Comments