গুৱাহাটী,৮ আগষ্টঃ ছাত্ৰ নেতাৰ মুক্তিৰ দাবীত মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে উলিওৱা এক প্ৰতিবাদী সমদলক লৈ পৰিস্থিতি উত্তাল হৈ পৰে। ছাত্ৰ-আৰক্ষীৰ সংঘৰ্ষত কমেও ৩০জন শিক্ষার্থী আহত হয়। এই ঘটনাত দুজন আৰক্ষীৰ লোকো আহত হয়। পার্বত্য অঞ্চল সমিতিৰ প্ৰস্তাৱিত স্বায়ত্তশাসিত জিলা পৰিষদ সংশোধনী বিধেয়ক উত্থাপন কৰাত ব্যৰ্থ হোৱাৰ বিৰুদ্ধে অলট্ৰাইবেল । ষ্টুডেণ্টছ ইউনিয়নৰ নেতাসকলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। মণিপুৰৰ পাৰ্বত্য জিলাসমূহ সম্পূর্ণ বন্ধ কৰি দিয়াৰ অভিযোগত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকৰ মুক্তিৰ দাবীতে শনিবাৰে প্ৰতিবাদ হোৱা বুলি কোৱা হৈছে। আৰক্ষী সূত্ৰই কয় যে প্ৰতিবাদকাৰীসকলক ছত্রভংগ দিয়াবলৈ লাঠীচালনা কৰা হৈছিল। আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাত কেইবাজনো আৰক্ষী আহত হয়। আৰক্ষীয়ে তেতিয়া উত্তেজিত ছাত্র-ছাত্রীসকলক ছত্রভংগ দিয়াবলৈ কন্দুৱা গেছৰ ব্যৱহাৰ কৰে। এই সন্দৰ্ভত অল কলেজ ট্রাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ নেতা নিংজান জাজোৱে কয়, ‘আমি আমাৰ নেতাসকলৰ মুক্তিৰ দাবীত এক শান্তিপূর্ণ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিলো ।
আৰক্ষীয়ে কোনো প্ৰৰোচনা অবিহনে ছাত্র । ছাত্ৰীসকলৰ ওপৰত লাঠীচালনা কৰে। আমি আৰক্ষীৰ এই কাণ্ডক তীব্র গৰিহণা দিছো। গ্ৰেপ্তাৰ কৰা আমাৰ নেতাসকলক মুকলি নকৰালৈকে আমি । আমাৰ আন্দোলন অব্যাহত ৰাখিম ।' ইপিনে, শনিবাৰে ইম্ফল পশ্চিমৰ মুখ্য ন্যায়িক দণ্ডাধীশে গ্ৰেপ্তাৰ কৰা অলট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ ছাত্ৰ নেতাসকলক ১৫ দিনৰ ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। বিষ্ণুপুৰৰ জিলা দণ্ডাধীশে বিষ্ণুপুৰ আৰু চুড়াচান্দপুৰত দুমাহৰ বাবে ১৪৪ ধাৰা জাৰি কৰিছে। সেইদৰে, সমগ্ৰ মণিপুৰত ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱাও বন্ধ ৰখা হৈছে। আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে গ্ৰেপ্তাৰ হোৱা ছাত্ৰ নেতাসকলৰ মুক্তিৰ দাবীত প্ৰতিবাদকাৰী - ছাত্র-ছাত্রীসকলে কেইবাখনো বাহনত অগ্নিসংযোগ কৰে।
Comments