গুৱাহাটী,৮ আগষ্ট:কমনৱেলথ গেমছৰ মহিলা ক্ৰিকেটৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয় ভাৰত। ৯ ৰানত পৰাস্ত হয় হৰমনপ্ৰীত কৌৰবাহিনী । অধিনায়ক হৰমনে ৬৫ ৰানৰ এটা দ্ৰুত ইনিংছ খেলিছিল আৰু তেওঁক সহযোগ দিছিল জেমিমা ৰড্ৰিগেজেও । জেমিমাই ৩৩ ৰান সংগ্ৰহ কৰে। কিন্তু অভিজ্ঞ বেটছমেনৰ অভাৱে শেষত ক্ষতিগ্ৰস্ত কৰিলে ভাৰতৰ । অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি ৮ টা উইকেটৰ ব্যৱধানত ১৬১ ৰানৰ লক্ষ্য বান্ধি দিয়ে ভাৰতক । প্ৰত্যুত্তৰত ১৫২ ৰানতেই ইনিংছ সামৰে ভাৰতে ।
২০১৭ চনৰ বিশ্বকাপৰ ফাইনেলতো ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে ভাল খেলিছিল আৰু শেষ মুহূৰ্তত পৰাস্ত হ’বলগীয়া হৈছিল। কমনৱেলথ গেমছৰ ক্ৰিকেটৰ ফাইনেলতো ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল। এইবাৰ কমনৱেলথত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল মহিলা ক্ৰিকেট। মহিলা ক্ৰিকেটত সৰ্বাধিক সফল দল অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে জয়লাভ কৰে। ৫০ অভাৰৰ বিশ্বকাপ, ২০ অভাৰৰ বিশ্বকাপৰ পিছত এইবাৰ অষ্ট্ৰেলিয়াই কমনৱেলথতো সোণৰ পদক অৰ্জন কৰে।
Comments