গুৱাহাটী,৮ আগষ্ট : ভাৰতীয় বেডমিণ্টন দলে চলিত কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰাৰ পাছত এতিয়া একক শাখাৰ মেচতো চমকপ্রদ প্ৰদৰ্শন কৰি তিনিটা পদক নিশ্চিত কৰিছে। উল্লেখ্য যে ভাৰতৰ পি ভি সিন্ধু মহিলাৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগতে পুৰুষৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে লক্ষ্য সেনে। আনহাতে, পুৰুষৰ ডাবলচ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে চিৰাগ চেট্টী আৰু ছাটৱিকছৈৰাজ ৰেংকিৰেড্ডীৰ যুটীয়ে। বিপৰীতে পুৰুষৰ একক শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ এতিয়া ব্ৰঞ্জৰ বাবে খেলিব কিদাম্বি শ্রীকান্তে। আনহাতে, মহিলাৰ ডাবলচ শাখাৰ ছেমিত পৰাস্ত হৈ ব্ৰঞ্জ জয়ৰ চেষ্টা কৰিব তৃষা আৰু গায়ত্ৰী যুটীয়ে। পদকৰ সকলো মেচ আজি হ'ব।
কালি হোৱা মহিলাৰ একক শাখাৰ ছেমিফাইনেলত দুবাৰৰ অলিম্পিক পদকজয়ী সিন্ধুই ২১-১৯, ২১-১৭ ৰ ব্যৱধানত পৰাস্ত কৰে ছিংগাপুৰৰ জিয়া মেনক। ইফালে, পুৰুষৰ একক শাখাৰ ছেমিফাইনেলত লক্ষ্যই ২১-১০, ১৮- ২১, ২১-১৬ ৰ ব্যৱধানত পৰাস্ত কৰে ছিংগাপুৰৰ জিয়া হেঙক। ফাইনেলত লক্ষ্যই খেলিব লগা মালয়েছিয়াৰ ইয়ঙে ছেমিফাইনেলত ১৩-২১, ২১-১৯, ২১-১০ ৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতৰ শ্ৰীকান্তক। ইফালে, পুৰুষৰ ডাবলচ শাখাৰ ছেমিফাইনেলত চিৰাগ আৰু ছাটৱিকছৈৰাজে ২১-৬, ২১-১৫ ৰ ব্যৱধানত পৰাস্ত কৰে মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বীক। কিন্তু মহিলাৰ ডাবলচ শাখাৰ ছেমিত তৃষা আৰু গায়ত্ৰী ১৩-২১, ১৬-২১ ৰ ব্যৱধানত পৰাস্ত হয়।
Comments