গুৱাহাটী, ১২ আগষ্টঃ সুস্বাস্থ্য অটুট ৰাখিবলৈ খাদ্য খোৱাটো কিমান গুৰুত্বপূৰ্ণ সেয়া হয়টো সকলোৱে অৱগত। বিভিন্ন খাদ্য খোৱাৰ নিৰ্ধাৰিত সময় থাকে। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলে কিছুমান বস্তু বিশেষকৈ খালী পেটত খোৱাৰ পৰা বিৰত থাকিব দিয়ে। এনে পৰিস্থিতিত পুৱা খালী পেটত কি খাদ্য খোৱা উচিত আৰু কি অনুচিত সেয়া জনাটো অতিকৈ গুৰুত্বপূৰ্ণ।
• পুৱা খালী পেটত খাব লগা বস্তুবোৰঃ
~ কণী
প্ৰ'টিনৰ এক সমৃদ্ধ উৎস কণী হয়টো সৰহসংখ্যক লোকৰে পুৱাৰ আহাৰত অন্তর্ভুক্ত হৈ থাকে। পুৱা কণী খোৱাৰ ফলত পেট গোটেই দিনটোৰ বাবে ভৰি থাকে আৰু লগতে শৰীৰক যথেষ্ট শক্তি প্ৰদান কৰে।
~ অমিতা
অমিতা হৈছে এবিধ উৎকৃষ্ট খাদ্যবস্তু। পুৱাৰ আহাৰত প্ৰতিটো ঋতুতে অমিতাক অন্তৰ্ভুক্ত কৰিব পাৰি। ই কলেষ্টেৰল হ্ৰাস কৰে আৰু হৃদৰোগৰ আশংকা প্ৰতিহত কৰে।
~ তিয়াই থোৱা কাঠবাদাম
পুৱা সাৰ পোৱাৰ লগে লগে, প্ৰথমে খালী পেটত ৪ টা তিয়াই থোৱা কাঠবাদাম খাব লাগে। যাৰ ফলত বহুতো স্বাস্থ্যৰ সৈতে জড়িত বিভিন্ন সমস্যা দূৰ হয়। আঁহ, অমেগা-৩ আৰু অমেগা-৬ এচিড সমৃদ্ধ কাঠবাদাম পুৱা খালী পেটত খাব লাগে। একে সময়তে মনত ৰাখিব যে বাদামৰ বাকলি আঁতৰ কৰিহে ইয়াক খোৱা উচিত।
~ ওটচ
যদি কোনোবাই কম কেলৰি আৰু উচ্চ পুষ্টিযুক্ত খাদ্য খাব বিচাৰে তেনেহ'লে ওটচ হৈছে এক উৎকৃষ্ট পুৱাৰ আহাৰ। ই ওজন নিয়ন্ত্ৰণ কৰাতো সহায় কৰে।
• পুৱা খালী পেটত খাব নলগা বস্তুবোৰঃ
~ বিলাহী
কেঁচা বিলাহী খোৱাৰ বহুতো লাভালাভ আছে কিন্তু খালী পেটত কেঁচা বিলাহী খোৱাটো ক্ষতিকাৰক হিচাপে প্ৰমাণিত হ'ব পাৰে। বিলাহীৰ এচিডিক গুণাগুণে পাকস্থলীত থকা গেষ্ট্ৰোইনটেষ্টিনেল এচিডৰ সৈতে প্ৰতিক্ৰিয়া কৰি পেটৰ বিষৰ দৰে সমস্যা বঢ়ায়। সেয়েহে, পুৱা খালী পেটত বিলাহী খাব নালাগে।
~ দৈ
দৈ স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু ইয়াক খালী পেটত খাব নালাগে। ইয়াত লেক্টিক এচিড থাকে, কিন্তু ইয়াক পুৱা খালী পেটত দৈ খালে স্বাস্থ্যজনিত সমস্যা বাঢ়িব পাৰে।
~ চডা
চডাত উচ্চ-মানদণ্ডৰ কাৰ্বনেট এচিড পোৱা যায়। যেতিয়া ই পাকস্থলীত থকা এচিডৰ সৈতে মিহলি হয়, ই পেটৰ বিষৰ দৰে সমস্যা বৃদ্ধি কৰিব পাৰে। সেয়েহে, পুৱা খালী পেটত ইয়াক খোৱা পৰিহাৰ কৰিব লাগে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments