Cartoon
View Older
গুৱাহাটী,১১ আগষ্ট:ছেৱা কৰ্তৃপক্ষৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।সলনি হ’ব মেট্ৰিক পৰীক্ষাৰ প্রশ্ন কাকত।১০০ নম্বৰৰ প্ৰশ্ন কাকতত থাকিব ৪৫ নম্বৰৰ বহুবিকল্পী প্ৰশ্ন।ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আঁত ধৰি ছেৱা কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত।গণিত , ইংৰাজী, সমাজ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতত থাকিব নতুনত্ব।
৪৫+৪৫+১০=১০০ ফৰ্মূলা ৰূপায়ন কৰিব ছেৱাই।১০০ নম্বৰৰ প্ৰশ্ন কাকতত ৪৫ তা থাকিব ১ নম্বৰকৈ বহুবিকল্পী প্ৰশ্ন। ছাত্ৰ -ছাত্ৰীয়ে নম্বৰ পোৱাত লাভাম্বিত হোৱাকৈ নৱম শ্ৰেণীৰ পৰাই চলিব এই সমগ্ৰ প্ৰক্ৰিয়াৰ অনুশীলন।ইতিমধ্যে ছেৱাই ৰাজ্যৰ বিভিন্ন বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছে এই নতুনত্বৰ বিষয়ে।উল্লেখযোগ্য যে পৰৱৰ্তী সময় গোটেই কেইটা বিষয়তে এনে ব্যৱস্থা অনাৰ কথাও চিন্তা কৰিছে কৰ্তৃপক্ষই।
Comments