গুৱাহাটী,১১ আগষ্ট:প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ৰাণা পগাগ আৰু তেওঁক সহযোগ কৰাৰ অভিযোগত অভিযুক্ত এছ আই জোনমণি ৰাভা বুধবাৰে হাজিৰ হয় মাজুলীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ৷ দুয়োগৰাকীৰ ওপৰত থকা অভিযোগৰ বিচাৰ অহা ৯ ছেপ্টেম্বৰৰ পৰাহে আৰম্ভ হ’ব বুলি জানিবলৈ দিছে অধিবক্তাই । ৯ ছেপ্টেম্বৰত তেওঁলোক দুয়োৰে ওপৰত আৰোপিত গোচৰৰ কোন সমূহ ধাৰা বিচাৰৰ যোগ্য তাৰ শুনানি আৰু বিচাৰ আৰম্ভ হ’ব বুলি জানিবলৈ দিছে অধিবক্তাগৰাকীয়ে।
উল্লেখযোগ্য যে, ভাবি স্বামী ৰাণা পগাগৰ লগত মিলি অইলত কাম দিয়াৰ টোপ দি লাখে লাখে টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল জোনমণি ৰাভাৰ বিৰুদ্ধে । প্ৰৱঞ্চনাৰ কেইবাটাও অভিযোগেৰে মাজুলীৰ তিনিগৰাকী ব্যৱসায়ীয়ে এজাহাৰত জোনমণি ৰাভাক মূল অভিযুক্ত হিচাপে অভিহিত কৰিছিল । ইয়াৰ পিছতে আৰক্ষীয়ে দুয়োকে জেৰা চলায় আৰু দুয়োকে জেললৈ প্ৰেৰণ কৰে ।পৰৱৰ্তী সময়ত দুয়ো জেলৰ পৰা জামিন লাভ কৰে । জামিন লাভৰ পাছত কালি প্ৰথমবাৰৰ বাবে আদালতত হাজিৰ হয় দুয়োজন অভিযুক্ত ।
Comments