Cartoon
View Older
গুৱাহাটী,১১ আগষ্ট:জম্মু-কাশ্মীৰত পুনৰ গুলীচালনাৰ ঘটনা ৷ ৰাজৌৰীৰ দৰহাল অঞ্চলৰ পাৰগালত থকা সেনা শিবিৰৰ বেৰ পাৰ হ’বলৈ চেষ্টা কৰিছিল কোনো লোকে । তেতিয়াই সংঘটিত হয় গুলীচালনাৰ ঘটনা । দৰহল আৰক্ষী থানাৰ পৰা ৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত অঞ্চলটোলৈ অতিৰিক্ত দল প্ৰেৰণ কৰা হৈছে ।
সেনাৰ তথ্য অনুসৰি প্ৰাৰম্ভিক গুলীচালনাত সেনাবাহিনীৰ তিনিজন জোৱানে প্ৰাণ হেৰুৱাই আৰু দুজন আহত হয় । আহত এজনৰ অৱস্থা সংকটজনক ৷ আনহাতে, গুলীয়াগুলীৰ ঘটনাত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য পোৱা গৈছে ৷ থানা মাণ্ডি অঞ্চলত অভিযান অব্যাহত ৰাখিছে সেনাই ৷
Comments