Cartoon
View Older
গুৱাহাটী, ১২ আগষ্টঃ কনজিউমাৰ ইউনিটি এণ্ড ট্ৰাষ্ট ছ’চাইটি (CUTS),দক্ষিণ এছিয়ান উইমেন ইন মিডিয়া (SAWM) আৰু ইষ্ট ৱেষ্ট চেণ্টাৰ (EWC)ৰ সহযোগত আমেৰিকাৰ কনছুলেট জেনেৰেলে কলকাতাত আয়োজন কৰিছে মহিলা সাংবাদিকসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম কৰ্মশালা।
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা দুদিনীয়া কৰ্মশালাখনত আমেৰিকা, ভাৰত, নেপাল, বাংলাদেশ, ভূটান, মালয়েছিয়া, ইণ্ডোনেছিয়া, ছিংগাপুৰকে ধৰি বিভিন্ন দেশৰ প্ৰায় ৬০ গৰাকী মহিলা সাংবাদিকে অংশগ্ৰহণ কৰিছে। তেওঁলোকে নিজ নিজ দেশত সন্মুখীন হোৱা ভাবুকি আৰু প্ৰত্যাহ্বানৰ লগতে সেইবোৰ প্ৰতিহত কৰিবলৈ গ্ৰহণ কৰা ভাল পদ্ধতিৰ বিষয়ে আলোচনা কৰিব।অসমৰ পৰা এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষ, ৰুবী বৰুৱা দাস, ঋতুপৰ্ণ দাস আৰু মনিষা কলিতাই।
Comments