গুৱাহাটী,১২ আগষ্ট:টাইগাৰ শ্ৰফ আৰু দিশা পাটানিৰ প্ৰেম বিচ্ছেদৰ উৰাবাতৰিয়ে অনুৰাগীক যথেষ্ট নিৰাশ কৰি তুলিছিল । ৬ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত থকা এই তাৰকা দম্পতীয়ে অৱশ্যে এই সম্পৰ্কটোৰ কথা কেতিয়াও স্বীকাৰ কৰা নাছিল । স্বীকাৰ নকৰিলেও ৰাতিৰ আহাৰ খোৱাৰ পৰা ছুটীলৈকে তেওঁলোকে সদায় একেলগে কটায়। আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও তেওঁলোকৰ প্ৰেম কাহিনী কম-বেছি পৰিমাণে সকলোৱে জানে।
কিন্তু বিচ্ছেদৰ পিছত এতিয়া টাইগাৰৰ জীৱনলৈ আহিল এগৰাকী নতুন প্ৰেমিকা । তেওঁৰ নাম হৈছে আকাংক্ষা শৰ্মা। ২০২১ চনত মুক্তি লাভ কৰিছিল টাইগাৰ শ্ৰফৰ মিউজিক ভিডিঅ’ ‘কাছানোভা’। য'ত আকাংক্ষা টাইগাৰৰ লগত দেখা পোৱা গৈছিল। কিন্তু কেৱল ‘কাছানোভা’তে নহয়, ‘আই এম এ ডিস্কো ডান্সাৰ ২.০’ মিউজিক ভিডিঅ’তো একেলগে কাম কৰিছিল দুয়ো । ইনষ্টাগ্ৰামত শেহতীয়াকৈ ইজনে সিজনৰ পোষ্টত দিয়া মন্তব্যই বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। কেৱল সেয়াই নহয়, মুম্বাইৰ আকাংক্ষা শৰ্মাৰ ঘৰৰ সন্মুখতো বহুবাৰ দেখা গৈছে টাইগাৰক।
Comments