গুৱাহাটী, ১২ আগষ্টঃ বলিউড অভিনেত্ৰী আশা পাৰেখে চনি টিভিত প্ৰচাৰিত বাস্তৱধৰ্মী সংগীত অনুষ্ঠান 'চুপাৰষ্টাৰ চিংগাৰ ২' ৰ মজিয়াত উপস্থিত হৈ প্ৰতিযোগী মণিক দুষ্টামি কৰা চকুকেইটাৰ বাবে ধৰ্মেন্দ্ৰৰ সৈতে সাইলাখ একে দেখিবলৈ বুলি কয়।
তেওঁ লগতে মণিক ১৯৬৯ চনৰ ছবি 'আয়া চাৱান ঝুম কে'ৰ এটা গান গাবলৈ অনুৰোধ কৰে, য'ত আশা পাৰেখ আৰু ধৰ্মেন্দ্ৰেই অভিনয় কৰিছিল।
আশাই মণিক চাই কৈছিল যে, "আপুনি ইমান ভাল গান গায় আৰু আপুনি দেখিবলৈও সুন্দৰ। আপোনাক সাইলাখ ধৰ্মেন্দ্ৰৰ দৰে দেখি, কাৰণ আপোনাৰ চকুত মই ধৰ্মেন্দ্ৰৰ চকুত থকাৰ দৰে দুষ্টতা দেখিবলৈ পাওঁ। গতিকে মই আপোনাক তেওঁৰ এটা গান, 'সাথিয়া নাহি জানা' গাবলৈ অনুৰোধ কৰিছোঁ।"
ইপিনে, উক্ত অনুষ্ঠানটোত আশা পাৰেখ'ৰ বিশেষ খণ্ডৰ অংশ হিচাপে সকলো প্ৰতিযোগীয়ে তেওঁৰ চলচ্চিত্ৰৰ কিছুমান বিখ্যাত সংগীত পৰিৱেশন কৰিছিল আৰু তেওঁ বিচাৰক আলকা য়াগনিক আৰু হিমেশ ৰেশমিয়াক কৈছিল যে, "আমাৰ বাবে এই প্ৰতিযোগীসকলৰ মাজত বিজয়ী বাছনি কৰাটো কঠিন হ'ব, কিয়নো আটাইবোৰ ইমানেই বেছি প্ৰতিভাশালী।"
এই সন্দৰ্ভত আশাই কয় যে, "মই ক'ব লাগিব যে হিমেশ আৰু আলকাৰ বাবে এই সকলো অপৰিসীম প্ৰতিভাশালী শিশুৰ ভিতৰত এজনক বাছনি কৰাটো অত্যন্ত কঠিন হ'ব।"
Comments