গুৱাহাটী,১০ আগষ্ট:নিকলছ হায়াৰ ছেকেণ্ডাৰী হাইস্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী স্নিগ্ধাশিখা দাসৰ আকস্মিকভাবে মৃত্যু ঘটাৰ পিছতে মঙলবাৰে সন্ধিয়া বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ফটাশিল আমবাৰী থানাত এজাহাৰ দাখিল কৰে পিতৃয়ে । ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক উচিত শাস্তি দিবলৈ আহ্বান জনাইছে পিতৃয়ে । বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন ভুক্তভোগী পিতৃৰ । উল্লেখ্য যে,গৰমৰ বন্ধ খোলাৰ পিছত ৪ আগষ্টৰ পৰা আৰম্ভ হৈছিল বিদ্যালয়খনৰ পাঠদান । প্ৰখৰ ৰ’দ সত্বেও বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থীসকলক এঘণ্টা পৰ্যন্ত থিয় কৰাই প্ৰাৰ্থনা আৰু শোক সভা অনুষ্ঠিত কৰিছিল ।
৪ আগষ্টৰ দিনা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাৰ পিছতো স্কুল কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে মৃত স্নিগ্ধাশিখাৰ পিতৃয়ে ।আনকি ৰ'দত ঢলি পৰা শিক্ষাৰ্থীসকলক বিদ্যালয় কৰ্তৃপক্ষই কোনোধৰণৰ চিকিৎসা প্ৰদান বা অভিভাৱকৰ সৈতে খবৰ কৰাৰ পৰিৱৰ্তে মূৰত অলপ পানী ছটিয়াই পুনৰ ৩/৪ টা ক্লাচ কৰোৱাইহে ঘৰলৈ পঠিয়াই বুলি অভিযোগৰ আঙুলি উঠিছে ৷ বিদ্যালয় ছুটীৰ পিছত স্কুলবাছ আৰু ঘৰতো বমি কৰে স্নিগ্ধাশিখাই ।পৰিয়ালৰ লোকে প্ৰথমতে মাৰোৱাৰী হাস্পতাল আৰু পিছলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় স্নিগ্ধাশিখা দাসক । চিকিৎসালয়ৰ বিছনাত জীৱন-মৰণৰ সৈতে কেইবাঘণ্টা জোৰা যুঁজৰ অন্তত অৱশেষত ৬ আগষ্টৰ পুৱতি নিশাই মৃত্যুক সাৱটি লয় স্নিগ্ধাশিখাই । বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ যো-জা ইতিমধ্যে আৰম্ভ কৰিছে সংশ্লিষ্ট বিদ্যালয়খনৰ অভিভাৱকসকলে ।উল্লেখ্যযোগ্য যে, স্নিগ্ধাশিখাৰ পিতৃয়ে কন্যাৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰিছে পত্ৰ ।
Comments