জগদুৱাৰ, নিজা সংবাদাতা ১০ আগষ্টঃ টীয়কৰ দেৱান ভৰলুৱা গাঁৱ যুৱক নাজমূল হুচেইনে কৰ্মৰত অৱস্থাত ২০০৫ চনত চট্টিছগড়ত মাওবাদীৰ আক্ৰমণত মৃত্যুক আকোৱালি লৈছিল।
দেশ প্ৰতিৰক্ষাৰ দ্বায়িত্বত থাকি দেশৰ বাবে সন্ত্ৰাসবাদীৰ সৈতে যুজি প্ৰাণ আহুতি দিয়া CRPF ৰ ৮৭ নং বেটেলিয়ানৰ শ্বহীদ নাজমূল হুছেইনক আজি ১১৯ নং CRPF বেটেলিয়ানে শ্ৰদ্ধাৰে সোৱৰি তেওঁৰ নামত টীয়ক সমষ্টিৰ অন্তৰ্গত পীড়াকটা দেৱান ভৰলুৱা পথটি আনুষ্ঠানিকভাৱে নামাকৰণ কৰি শ্বহীদগৰাকীলৈ সন্মান প্ৰদৰ্শন কৰিছে। টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই পথটি নামাকৰণৰ ফলক উন্মোচন কৰে।
অনুষ্ঠানটিত টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, CRPF ৰ ১১৯ নং বেটেলিয়ানৰ DIG জগমহন ভগত, 2nd in command এচ কে বাসু , ডেপুটি কামাণ্ডেট ইকবাল আহমেদ, মধ্য যোৰহাট উন্নয়ন খণ্ডৰ সভাপতি মুকিবুৰ ৰহমান ডাঙৰীয়া, অগপৰ কেন্দ্ৰীয় সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পৰেশ বৰাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত শ্বহীদ নাজমূল হুচেইন পিতৃ মাতৃ উপস্থিত থাকি CRPF এ তেওঁলোকৰ সুযোগ্য সন্তানৰ প্ৰতি যি সন্মান প্ৰদৰ্শন কৰিছে তাত আপ্লুত হৈ সকলোকে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে।
Comments