গুৱাহাটী,১০ আগষ্ট:ফেচবুকৰ জৰিয়তে আলফাত যোগদানৰ আশা প্ৰকাশ কৰি এইবাৰ গ্ৰেপ্তাৰ হ’ল জনসংযোগ বিভাগৰ এগৰাকী বিষয়াৰ পত্নী ৷ অসম আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি আলফাত যোগদানৰ মুকলিকৈ ইচ্ছা প্ৰকাশ কৰি আৰক্ষীৰ জালত পৰিল মহিলাগৰাকী । জনসংযোগ বিভাগত কৰ্মৰত এগৰাকী বিষয়াৰ পত্নী শ্বিপৰা দত্তই সামাজিক মাধ্যমত প'ষ্ট দিছিল আলফাত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰি । ফেচবুকত আলফা স্বাধীনত যোগদানৰ কৰাৰ কথা উল্লেখ কৰি প'ষ্ট দিয়াৰ পাচতেই তৎপৰ হৈ পৰে নগাঁও আৰক্ষীয়ে । ফেচবুকত প'ষ্ট দিয়া মহিলাগৰাকীক মঙলবাৰে নিশা নগাঁও আৰক্ষীয়ে গুৱাহাটীস্থিত স্বামীৰ চৰকাৰী আবাসৰ পৰা আটক কৰিবলৈ সক্ষম হয় ।
সম্প্ৰতি নগাঁও আৰক্ষীৰ জিম্মাত থকা মহিলাগৰাকীয়ে তপন দাস নামৰ এগৰাকী বিজেপি নেতাৰ অত্যাচাৰত অতিষ্ঠ হৈ আলফাত যোগদানৰ ইচ্চা প্ৰকাশ কৰি মন্তব্য দিয়া বুলি সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰে । ইপিনে মহিলাগৰাকীয়ে আৱেগিক হৈ ফেচবুকত প'ষ্ট দিয়া বুলি মন্তব্য কৰে মহিলাগৰাকীৰ স্বামীয়ে । উল্লেখ্য যে, অলফাক সমৰ্থন কৰা নৱ বৰা নামৰ আন এজন যুৱককো এদিন পূৰ্বে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল নগাঁও আৰক্ষীয়ে । ছচিয়েল মিডিয়াত অলফাত যোগদানৰ প'ষ্ট দি আটক হোৱা মহিলাগৰাকীক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।
Comments