গুৱাহাটী, ১১ আগষ্টঃ ভাৰতীয় খাদ্য সম্ভাৰত বহুলভাৱে ব্যৱহৃত হোৱা আটাইতকৈ বিশুদ্ধ বস্তু ঘিউ প্ৰায়সংখ্যক মানুহৰে প্ৰিয়। ঘিউক পৃথিৱীৰ আটাইতকৈ বিশুদ্ধ খাদ্যবস্তু হিচাপে ধৰা হয়। কিছুমান লোকে ইয়াক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি বিবেচনা কৰে। কিন্তু ঘিউ হাজাৰ হাজাৰ বছৰ ধৰি আহাৰৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ আহিছে।
কিন্তু কেইটামান দশকৰ পৰা এইটো বিশ্বাস কৰা হৈছে যে ঘিউৰ সংপৃক্ত চৰ্বি স্বাস্থ্যৰ বাবে ভাল নহয়। কিন্তু এতিয়া যিহেতু সংপৃক্ত চৰ্বিৰ বিষয়ে মানুহৰ চিন্তা ধাৰণ সলনি হৈছে, ঘিউ ভাৰতীয়সকলৰ খাদ্য তালিকাত পুনৰ উভতি আহিছে।
যদিও মানুহে আহাৰত ঘিউ অন্তৰ্ভুক্ত কৰা আৰম্ভ কৰিছিল, কিন্তু ক'ৰনা মহামাৰীৰ সময়ত মানুহে তেওঁলোকৰ খাদ্য আৰু পানীয়ৰ বিষয়ে সজাগ হ'বলৈ ধৰাত ইয়াৰ গুৰুত্ব বৃদ্ধি পাইছিল। ঘিউ স্থানীয় পৰ্যায়ত আৰু আনকি ঘৰতও উৎপাদন কৰিব পাৰি আৰু সংস্কৃতিৰ সৈতে ইয়াৰ এক অবিচ্ছেদ্য সম্পৰ্ক আছে।
ভাৰতত ঘিউৰ উৎপাদন অহৰহে বৃদ্ধি পাই আহিছে। প্ৰতিবেদন অনুসৰি, ক'ৰনা মহামাৰী আৰম্ভ হোৱাৰ পিছত ঘিউৰ চাহিদা ২৫ ৰ পৰা ৩০ শতাংশ বৃদ্ধি পাইছে। ঘিউ কেৱল স্বাস্থ্যৰ সৈতে সম্পৰ্কিত নহয়, বৰঞ্চ ইয়াক পূজা-পাৰ্বনতো ব্যৱহাৰ কৰা হয়।
অৰ্থাৎ ঘিউ মানুহৰ বিশ্বাসৰ সৈতেও জড়িত। পৌৰাণিক কাহিনী অনুসৰি, বৈদিক দেৱতা প্ৰজাপতি দক্ষই দুয়োখন হাত ঘঁহি প্ৰথমবাৰৰ বাবে ঘিউ তৈয়াৰ কৰিছিল। এই ঘিউ জুইত ৰাখি তেওঁ নিজৰ সন্তানক সৃষ্টি কৰিছিল বুলি পৌৰাণিক আখ্যানত উল্লেখিত আছে।
ইয়াৰ উপৰিও, ঘিউৰ ভাৰতীয় সংস্কৃতিৰ সৈতেও গভীৰ সম্পৰ্ক আছে। হিন্দু বিবাহৰ পৰা সকলো ধৰণৰ শুভ কামৰ বাবে হোমৰ জুইত ঘিউৰে বৈদিক মন্ত্র উচ্চাৰণ কৰি ঘিউ অৰ্পণ কৰা হয়।
ঘিউক শুভ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও, আয়ুৰ্বেদত ঘিউক অতিকৈ উত্তম বুলি গণ্য কৰা হৈছে। ঘিউৰ পুষ্টিকৰ গুণাগুণৰ বাবে, ইয়াক বেছিভাগ ঘৰত ব্যৱহাৰ কৰা হয়।
Comments