গুৱাহাটী,১৬ আগষ্ট:ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে ক্রীড়া অনুৰাগীৰক নিৰাশ কৰি বিশ্ব চেম্পিয়নশ্বিপ নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গোৰোহাৰ আঘাতৰ বাবে টুর্নামেণ্টৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে ভাৰতীয় বেডমিণ্টন জগতৰ অন্যতম শ্রেষ্ঠ খেলুৱৈগৰাকীয়ে। শেহতীয়াকৈ কমনৱেল্ল্থ গেমছত মহিলাৰ একক শাখাত অৱতীৰ্ণ হৈ সিন্ধুৱে স্বর্ণ পদক আঁজুৰি আনিছিল যদিও ফাইনেলৰ পূৰ্বে আঘাতপ্রাপ্ত হৈছিল তাৰকাগৰাকী। তৎসত্ত্বেও ফাইনেলত দুর্দান্ত প্রদর্শন আগবঢ়াই ইতিহাস ৰচনা কৰে । কিন্তু এতিয়া সেই আঘাত গুৰুতৰ হৈ পৰিছে।
এনে অৱস্থাত আঘাতৰ পৰা আৰোগ্য হোৱাৰ উদ্দেশ্যে চেম্পিয়নশ্বিপৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে সিন্ধুৱে। আনকি তেওঁ আঘাতৰ বাবেই দিল্লীত অনুষ্ঠিত হোৱা ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ বঁটা প্রদান অনুষ্ঠানতো অংশগ্ৰহণ কৰা নাছিল। উল্লেখ্য যে এই খবৰৰ লগে লগে বিশ্ব চেম্পিয়নশ্বিপত নিশ্চিত পদকৰ পৰা বঞ্চিত হয় ভাৰত । কিয়নো ইয়াৰ পূর্বে ২০১৯ চনত খিতাপ কঢ়িয়াই অনাৰ লগতে দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে দৰ্শনীয় অভিলেখেৰে বিশেষ কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে সিন্ধুৱে।
Comments