গুৱাহাটী,১৪ আগষ্ট : চলিত বৰ্ষত ভাৰতত অনুষ্ঠিত হ'ব লিজেণ্ডছ ক্রিকেট লীগৰ দ্বিতীয় সংস্কৰণ। কিন্তু এই প্রতিযোগিতাখন আৰম্ভ কৰাৰ এদিনৰ পূৰ্বে ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এখন বিশেষ মেচ। ইয়াৰ পিছতে ১৭ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ ভাৰতৰ ৬ খন চহৰত অনুষ্ঠিত হ'ব এই প্রতিযোগিতাখন। আজি লিজেণ্ডছ ক্রিকেট লীগৰ আয়োজকসকলে জনোৱা মতে – ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিশেষ মেচখন। য'ত ইণ্ডিয়া মহাৰাজা আৰু ৱৰ্ল্ড জায়েণ্টছৰ মাজত অনুষ্ঠিত হ'ব এখন বিশেষ মেচ । মেচখন কলকতাৰ ইডেন গার্ডেনত অনুষ্ঠিত হ'ব। এটা আনুষ্ঠানিক বিবৃতিত জনোৱা মতে, – লিজেণ্ডছ ক্রিকেট লীগৰ (এল চিএল) এই ছিজনত ১০ খন দেশৰ খেলুৱৈয়ে অংশগ্রহণ কৰিব।
১৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া লীগখনত চাৰিটা দলে ফ্রেঞ্চাইজী ফর্মেটত এটা দলে আনটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ছিজনত মুঠ ১৫ খন খেল অনুষ্ঠিত হ'ব। ইফালে লিজেণ্ডছ ক্রিকেট লীগৰ আয়ুক্ত ৰবি শাস্ত্রীয়ে কয় এজন ভাৰতীয় হিচাপে মই এই কথা শ্বেয়াৰ কৰি অত্যন্ত সুখী হৈছোঁ যে আমি এইবাৰ লীগটো স্বাধীনতাৰ অমৃত মহোৎসৱলৈ উছৰ্গা কৰিম। উল্লেখ্য যে বিগত বৰ্ষটোত ইণ্ডিয়া মহাৰাজা, এছিয়া লায়ন্স আৰু ৱৰ্ল্ড জায়েণ্টছৰ মাজত খেলসমূহ অনুষ্ঠিত হৈছিল। য'ত পাকিস্তানৰ প্ৰাক্তন খেলুৱৈসমূহে এছিয়া লায়ন্সৰ হৈ অৱতীৰ্ণ হৈছিল, কিন্তু এইবাৰ ভাৰতত প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ বাবে এটা ডাঙৰ প্রশ্ন উদয় হৈছে। বিশেষকৈ প্রাক্তন ক্ৰিকেটাৰসকলক ভিছা প্ৰদান কৰিবনে টুর্নামেণ্টৰ পৰা বাদ দিয়া হ'ব সেয়া স্পষ্ট নহয়।
প্রণিধানযোগ্য যে বিশেষ মেচখনৰ বাবে দল দুটা ঘোষণা কৰিলে লীগৰ আয়োজকসকলে, য'ত ইণ্ডিয়া মহাৰাজাত অন্তৰ্ভুক্ত হৈছে সৌৰভ গাংগুলী (অধিনায়ক), বীৰেন্দ্ৰৰ ছেহবাগ, মহম্মদ কাঈফ, ইউছুফ পাঠান, এছ বদ্রীনাথ, ইৰফান পাঠান, পার্থিব পেটেল, ষ্ট'ৱাৰ্ট বিন্নী, এছ শ্রীসন্থ, হৰভজন সিং, নমন ওঝা, আৰ পি সিং আৰু যোগিন্দৰ শৰ্মা। ইফালে ৱৰ্ল্ড জায়েন্টছৰ শিবিৰত অন্তৰ্ভুক্ত হৈছে ইয়ন মর্গেন (অধিনায়ক), লেণ্ডল ছিমনছ, হাৰছেলী গিবছ, জেক কালিছ, সনথ জয়সূৰ্য, মেট প্ৰায়ৰ, নাথান মেককুলাম, জণ্টি ৰোডছ, মুথিয়া মুৰুলীধৰণ, ডেল ষ্টেইন, হেমিল্টন মাছাকাডজা, মাশ্রাফী ম'টাজা, আজগৰ আফগান, মিছেল জনছন, ব্রেট লী, কেভিন অ' ব্ৰাইন আৰু দীনেশ ৰামদিন।
Comments