Cartoon
View Older
গুৱাহাটী,১৬ আগষ্ট:প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু,উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত দলৰ সভাপতি জে পি নড্ডাকে ধৰি আন কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপি নেতা উপস্থিত থাকে ।
ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী মোডীৰ লগতে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ১৯৯০ৰ দশকৰ দ্বিতীয়াৰ্ধত দলৰ ক্ষমতাৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিজেপিৰ শক্তিশালী নেতাগৰাকীৰ স্মৃতিত এখন প্ৰাৰ্থনা সভাতো অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে ১৯৯৮-২০০৪ চনৰ ভিতৰত ছয় বছৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱা ভাৰতৰত্ন বাজপেয়ীৰ ২০১৮ চনত ৯৩ বছৰত মৃত্যু হৈছিল ।
Comments