গুৱাহাটী,১৬ আগষ্ট:উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাই স্বামীৰ সৈতে বাকযুদ্ধৰ পিছত নিজৰ তিনিগৰাকী কন্যাক বিষাক্ত দ্ৰব্য প্ৰদান কৰি হত্যাৰ চেষ্টা কৰে । উত্তৰ প্ৰদেশৰ সুহোৱাল আৰক্ষী চক্ৰৰ ভানমল ৰাই গাঁৱত সংঘটিত হোৱা এই ঘটনাৰ পিছত মহিলাগৰাকীক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে আৰু জেৰা অব্যাহত ৰাখিছে ।
আৰক্ষীৰ মুখপাত্ৰগৰাকীৰ মতে, মহিলাগৰাকীয়ে প্ৰায়ে ঘৰুৱা সমস্যাক লৈ স্বামীৰ সৈতে কাজিয়া কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু কিন্তু উক্ত দিনা এই কাজিয়াই বিষম ৰূপ পায় । তাৰ পিছতে মহিলাগৰাকীয়ে তেওঁৰ তিনিগৰাকী কন্যাক বিষ প্ৰদান কৰি হত্যাৰ চেষ্টা কৰে ।
দুগৰাকী কন্যাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে তৃতীয়গৰাকীৰো মৃত্যু হয়।বৰ্তমান আৰক্ষীৰ জিম্মাত থকা মহিলা গৰাকীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।তিনিওটা শিশুৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
Comments