গুৱাহাটী, ১৪ আগষ্ট : জিম্বাবুৱেৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া ছিৰিজত ভাগ ল'বলৈ শনিবাৰে কে এল ৰাহুলৰ নেতৃত্বত ভাৰতীয় দলটো ৰাওনা হৈছে। ছিৰিজৰ প্ৰথমখন মেচ অহা ১৮ আগষ্টত হাৰাৰে স্প'ৰ্টছ ক্লাবত অনুষ্ঠিত হ'ব। একেটা ভেন্যুতে পৰৱৰ্তী দুখন এদিনীয়া মেচ হ'ব ক্রমে ২০ আৰু ২২ আগষ্টত। উল্লেখ্য যে জিম্বাবুৱে ভ্ৰমণত ভাৰতীয় দলৰ মুখ্য প্রশিক্ষকৰূপে থাকিব ৰাষ্ট্ৰীয় ক্রিকেট একাডেমীৰ মুখ্য প্রশিক্ষক ভি ভি এছ লক্ষ্মণ। লক্ষ্মণ ইয়াৰ আগেয়ে ভাৰতীয় দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্বত আছিল আয়াৰলেণ্ডৰ বিৰুদ্ধে টী-২০ ছিৰিজতো।
ভাৰতে যোৱা মাহত ৱেষ্ট ইণ্ডিজক টী-২০ ছিৰিজত ৩-০ৰ ব্যৱধানত পৰাস্ত কৰি এই ভ্ৰমণলৈ ৰাওনা হৈছে। আনহাতে, জিম্বাবুৱেই ঘৰুৱা ছিৰিজত বাংলাদেশক ২-১ৰ ব্যৱধানত হৰুৱাই ভাৰতৰ বিৰুদ্ধে খেলিবলৈ আত্মবিশ্বাসেৰে সাজু হৈছে। আই চি চি বিশ্বকাপ ছুপাৰ লীগৰ অংশ হিচাপে এই ছিৰিজত ভাগ ল'ব উভয় দলে। উল্লেখ্য যে আঘাত আৰু ক'ভিডৰপৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা কে এল বাহুল দীৰ্ঘদিনৰ পাছত ভাৰতীয় দলৰ হৈ খেলিবলৈ নামিব ।
Comments