গুৱাহাটী,১৪ আগষ্ট : নলবাৰীৰ উন্নয়নৰ সপোন লৈ জিলা সদৰত তিনিদিনীয়া কাৰ্যসূচীৰে চলি থকা জিলা দিৱসৰ আজি দ্বিতীয় দিনা “বিধায়কৰ পৰিকল্পনা আৰু আপোনাৰ পৰামর্শ' শীর্ষক এখন প্রীতি সম্মিলন নলবাৰীৰ নাট্য মন্দিৰত অনুষ্ঠিত হয়। নলবৰীয়াৰ লগতে প্রতিষ্ঠিত তথা প্ৰতিভাধৰ নলবৰীয়াক লৈ নলবাৰীৰ নাট্য মন্দিৰত অনুষ্ঠিত এই সন্মিলনত নলবাৰীৰ বিধায়ক তথা মন্ত্রী জয়ন্তমল্ল বৰুৱাৰ পৰিকল্পনা ঘোষণা কৰা হয়। ইয়াত কোৱা মতে, ১০৫.৭২ কোটি টকা ব্যয় সাপেক্ষে নলবাৰীৰ মূল কেইটামান পথ বহল কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে।
তদুপৰি ৫০ কোটি টকা ব্যয় সাপেক্ষে জিলা সংহত সচিবালয় নির্মাণ আঁচনি, ৩.৮ কোটি টকা ব্যয় সাপেক্ষে লোকনির্মাণ বিভাগৰ পৰিদৰ্শন বঙলা নিৰ্মাণ আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিবোৰে ইতিমধ্যে চৰকাৰৰ অনুমোদন লাভ কৰিছে বুলি জানিব পৰা গৈছে। অহা ছেপ্টেম্বৰ মাহত এই আঁচনিবোৰৰ কাম আৰম্ভ হ'ব। নলবাৰীৰ উন্নয়ন সম্পর্কত কি কৰিব পাৰি তাৰ বাবে আজিৰ এই প্ৰীতি সন্মিলনত ৰাইজৰ পৰামৰ্শ বিচৰা হয়। মন্ত্ৰীগৰাকীয়ে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসক-কৰ্মচাৰীক আজি এই সন্মিলনত ৰাজহুৱাকৈ কঠোৰভাৱে সমালোচনা কৰি সতৰ্ক কৰি দিয়ে।
Comments