গুৱাহাটী,১৮ আগষ্ট:নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' সন্দৰ্ভত অসমৰ মানুহক ভ্ৰান্ত ধাৰণা দিয়া হৈছিল বুলি মন্তব্য কৰিছে মন্ত্রী পীযুষ হাজৰিকাই ।বৃহস্পতিবাৰে মহানগৰীত এখন সংবাদমেল সম্বোধন কৰি মন্ত্রী হাজৰিকাই কয় যে, ২০১৯ চনত এনে এক ধাৰণা দিয়া হৈছিল যে অসমলৈ আঢ়ৈ কোটি বাংলাদেশী হিন্দু মানুহ আহিব। ট্ৰাকে ট্ৰাকে লোক আহি অসমৰ সকলো ভূমি দখল কৰি ল'ব । তেনেকুৱা এটা পৰিৱেশ কৰি দিয়া হৈছিল। কিন্তু পৰৱৰ্তী সময়ত তেনেকুৱা একো নহ'ল বুলি তেওঁ কয় । মন্ত্রী হাজৰিকাই পুনৰ কয়,'নাগৰিকত্ব সংশোধনী আইনৰ নামত অসমৰ ৰাইজক বিপথে পৰিচালিত কৰা হ'ল।' তেওঁ লগতে কয় যে'কা'ৰ নামত একাংশই বেমেজালিৰ সৃষ্টি কৰিছে । মতাদৰ্শৰ পাৰ্থক্য থাকিব পাৰে,কিন্তু মিছা কথা কৈ অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিব নালাগে । খাটি খোৱা ল’ৰা-ছোৱালীৰ জীৱনক লৈ হেতালি খেলিব নালাগে বুলি তেওঁ কয় ।
ইপিনে,উক্ত সংবাদমেলত চৰকাৰী চাকৰিৰ পৰীক্ষা সন্দৰ্ভত মন্ত্রী হাজৰিকাই কয় যে ২১ আগষ্ট,২৮ আগষ্ট আৰু ১১ ছেপ্তেম্বৰত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৩০ হাজাৰ চাকৰিৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব । ৰাজ্যৰ ২৫ খন জিলাত হ'বলগীয়া এই পৰীক্ষাৰ ক্ষেত্রত যাতে কোনো ধৰণৰ বেমেজালি নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।আনহাতে,বাহিৰা প্ৰাৰ্থীয়ে আবেদন কৰাৰ ব্যৱস্থা সকলোতে আছে বুলি মন্তব্য কৰি মন্ত্রী হাজৰিকাই কয় যে সকলো ৰাজ্যতে এটা নিৰ্দ্দিষ্ট শতাংশত আন ৰাজ্যৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে । এই পৰীক্ষাত ১৪,৩০,৩৩৭ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে । বাহিৰৰ প্ৰাৰ্থীসকলৰ বাবে প্ৰশ্নকাকত হিন্দীত হ'ব বুলি তেওঁ কয় । দেশৰ আইন ব্যৱস্থাৰে সকলোৱে চলিব লাগিব বুলি উল্লেখ কৰি নিযুক্তিৰ এই বৃহৎ পৰীক্ষা প্ৰক্ৰিয়াত যাতে কোনেও বাধাৰ সৃষ্টি নকৰে তাৰ বাবে তেওঁ সকলোৰে প্ৰতি আহ্বান জনায় ।
Comments