Cartoon
View Older
গুৱাহাটী,১৮ আগষ্ট:ব্ৰিটিছ ভোটাৰৰ ওপৰত কৰা এক নতুন সমীক্ষাত ব্ৰিটিছ বৈদেশিক সচিব লিজ ট্ৰাছ প্ৰধানমন্ত্ৰীৰ দৌৰত আগবাঢ়ি আছে বুলি প্ৰমাণিত হৈছে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী আৰু কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা হোৱাৰ দৌৰত তেওঁ প্ৰাক্তন চ্যান্সেলৰ ঋষি সুনাকক বহুত পিছত পেলাই থৈছে । আগষ্টৰ আৰম্ভণিতে শেষবাৰৰ বাবে প্ৰকাশ পোৱা এই সমীক্ষাৰ ফলাফল যোৱা বুধবাৰে প্ৰকাশ পোৱাৰ দৰেই আছিল আৰু দুয়োটাতে দেখা গৈছিল ট্ৰাছক সুনাকৰ আগত।
সেই সময়ত ঋষি সুনাক ২৬ শতাংশ, লিজ ট্ৰাছৰ ৫৮ শতাংশ আৰু ১২ শতাংশ অনিৰ্ণয় হোৱা বুলি সমীক্ষাটোত প্ৰকাশ পাইছে। এতিয়া সেই সংখ্যা ২৮ শতাংশ, ৬০ শতাংশ আৰু ৯ শতাংশলৈ বৃদ্ধি পাইছে ।৯৬১ জন কনজাৰ্ভেটিভ পাৰ্টিৰ সদস্যৰ ঘৰুৱা সমীক্ষাৰ পৰা এই খবৰ আহিছে। এই সদস্যসকলে হয় ইতিমধ্যে নেতৃত্বৰ দৌৰত ভোটদান কৰিছে নহয় ভৱিষ্যতে ভোট দিব।
Comments