গুৱাহাটী,১৮ আগষ্ট:অখিল ভাৰত হিন্দু মহাসভাৰ কোষাধ্যক্ষ দীনেশ শৰ্মাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ যোগী আদিত্যনাথলৈ তেজেৰে লিখিছিল এইখন বিশেষ পত্ৰ। পত্ৰখনত তেওঁ শ্বাহী মছজিদ ইদগাহৰ ভিতৰত জন্মাষ্টমীৰ নামাজ পঢ়াৰ অনুমতি বিচাৰিছিল, তেওঁ সেই অঞ্চলক শ্ৰীকৃষ্ণৰ প্ৰকৃত জন্মস্থান বুলি দাবী কৰিছিল । আগন্তুক শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে স্থানীয় ব্রিজবাসীৰ সৈতে তেওঁ তাত প্রার্থনা কৰিব বিচাৰিছে বুলি মুখ্যমন্ত্ৰীক অৱগত কৰে ৷
পত্ৰখনত শৰ্মাই কয়, ‘মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ভগৱান হনুমানৰ অৱতাৰ । প্ৰকৃত জন্মস্থানত ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ তেওঁহে সক্ষম । যদি মুখ্যমন্ত্ৰীয়ে মোৰ দাবীত সন্মতি নিদিয়ে তেন্তে ইচ্ছা মৃত্যুক অনুমতি দিব লাগে । জন্মাষ্টমীৰ দিনা মথুৰাৰ বাসিন্দাসকলে ভগৱান শ্ৰীকৃষ্ণৰ প্রকৃত জন্মস্থানত প্রার্থনা কৰিব বিচাৰে ৷ বৰ্তমান ইয়াত প্ৰাৰ্থনা কৰা নহয় । কৃষ্ণৰ প্ৰকৃত জন্মস্থান আছিল কংসৰ কাৰাগাৰত, যিটো বৰ্তমানৰ শ্বাহী ঈদগাহ মছজিদৰ অধীনত আছে।' মুছলমানপক্ষই এই আবেদনৰ বিৰোধিতা কৰিছিল। শৰ্মাই তেওঁৰ পত্ৰখনত লগতে কৈছে, ‘এতিয়ালৈকে কৃষ্ণৰ পূজা কৰা হৈছে এনে এখন ঠাইত যিটো তেওঁৰ প্ৰকৃত জন্মস্থান নহয়’।
Comments