গুৱাহাটী,১৮ আগষ্ট : আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ বাপুজী, মহাবিদ্যালয়ৰ উদ্যোগত, মৃত্যুঞ্জয় একাডেমী সৰ্থেবাৰী, তেজস ক'চিং চেণ্টাৰ নামশালা আৰু বাপুজী মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র সন্মিলনীৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰাংগনত আয়োজন কৰা নিবনুৱা যুৱক-যুৱতীসকলৰ নিযুক্তি সম্পর্কীয় বিনামূলীয়া ৭ দিনীয়া প্রস্তুতি কৰ্মশালাৰ সফল পৰিসমাপ্তি ঘটে । যোৱা ৮ আগষ্টৰ পৰা ১৬ আগষ্টলৈকে অনুষ্ঠিত হোৱা এই কৰ্মশালাত সৰ্থেবাৰীৰ লগতে নলবাৰী আৰু বৰপেটাৰ বিভিন্ন জন প্ৰশিক্ষকে আহি ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰে ।
সামৰণি অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতী আৰু সমীৰণ বৈশ্য,মহকুমা আৰক্ষী বিষয়া,শালবাৰী । পৰীক্ষালৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ডঃ অৱনী কুমাৰ ভাগৱতীয়ে কয় যে কষ্টৰ অসাধ্য একো নাই । আজিকালি আমি বিভিন্ন ধৰণেৰে নিজকে সংস্থাপিত কৰিব পাৰোঁ সেইবাবে অসফল হোৱাৰ ভয়ত নিজৰ ক্ষমতাৰ ওপৰত সন্দেহ কৰাটো অপ্ৰয়োজনীয় । বিভিন্ন প্ৰতিবন্ধকতা আহিব কিন্তু নিজৰ লক্ষ্যৰ কথা ভাৱি সকলোৱে অধ্যয়নত ব্ৰত হোৱাৰ প্ৰয়োজন । প্ৰচুৰ সাধনাৰ জৰিয়তেহে সফলতাক আজুৰি অনাটো সম্ভৱ । সুদক্ষ আৰক্ষী বিষয়া তথা এজন সু-বক্তা সমীৰণ বৈশ্যই আগন্তুক অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ বাবে উপস্হিত থকা ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা জনায় । লগতে এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তামণ্ডলীক ধন্যবাদ জনায় ।
বন্তি প্ৰজ্বলনেৰে উক্ত অনুষ্ঠানৰ আৰম্ভণি কৰে নিমন্ত্ৰিত অতিথি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতীয়ে। নলবাৰী জিলা প্রাথমিক শিক্ষা বিষয়া সীমান্ত ডেকাই আঁতধৰা অনুষ্ঠানটোৰ আৰম্ভণি ভাষণ দিয়ে বাপুজী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ দাসে । জাতীয় সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত উপস্থিত থাকে বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিৰিঞ্চি কুমাৰ চৌধুৰী,আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ বাপুজী মহাবিদ্যালয়ৰ সমন্বয়ক তথা অসমীয়া বিভাগৰ প্ৰৱক্তা বিপুল ডেকা,বাপুজী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অনন্ত ডেকা, বাপুজী মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র সন্মিলনীৰ সভাপতি চিত্তৰঞ্জন বৰ্মন,বাপুজী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক নৱ কুমাৰ তামূলী,শিক্ষা বিভাগৰ অধ্যাপিকা সবিতা ডেকা,ভূগোল বিভাগৰ অধ্যাপক চিন্ময় ৰাজ শইকীয়া,বাপুজী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিমাংশু ডেকা আৰু ধ্ৰুৱজ্যোতি নায়ক ।
Comments