গুৱাহাটী,১৯ আগষ্ট:অৱশেষত আত্মসমৰ্পন কৰিলে বিদ্ৰোহী সংগঠন কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ সাধাৰণ সম্পাদক কৈলাস কোচে ৷ বৃহস্পতিবাৰে অস্ত্ৰসহ পত্নী-সন্তানক লগত লৈ কলকতা আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে বিদ্ৰোহী নেতাগৰাকীয়ে ৷ পশ্চিমবংগ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ) ইউনিটৰ সন্মুখত আত্মসমৰ্পণ কৰে কে এল অ’ৰ সাধাৰণ সম্পাদক কৈলাশ কোচ আৰু পত্নী স্বপ্না কোচে ৷ ইয়াৰে পাছতে পশ্চিমবংগৰ আৰক্ষী সঞ্চালক প্ৰধান মনোজ মালৱিয়াই এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে ৷
উল্লেখ্য যে, ২০১৩ চনৰ জানুৱাৰী মাহৰ পৰা কে এল অ’ৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা কৈলাশ কোচৰ আলফা(স্বা)কে ধৰি কেইবাটাও বিদ্ৰোহী সংগঠনৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছিল । কোচৰ বিৰুদ্ধে পশ্চিমবংগত চাৰিটা গোচৰ আৰু অসমত বহুকেইটা গোচৰ ৰুজু হৈ আছিল । আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে ২০০৮-২০১২ চনৰ ভিতৰত পশ্চিমবংগৰ কোচবিহাৰ আৰু মালদা জিলাৰ লগতে অসমৰ কেইবাখনো জিলাত তেওঁৰ নেতৃত্বত কেইবাটাও হিংসাত্মক কাৰ্যকলাপৰ লগতে অপহৰণ আৰু ধন দাবীৰ ঘটনা সংঘটিত হৈছিল ৷
গুৰুত্বপূৰ্ণ কথা যে, স্বাধীনতা দিৱসৰ পূৰ্বে কে এল অ’ৰ সেনাধ্যক্ষ জীৱন সিংহই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এক অডিঅ’ বাৰ্তা প্ৰৰণ কৰিছিল ৷ উক্ত অডিঅ’ বাৰ্তাটোৰ জৰিয়তে সিংহই চৰকাৰৰ সৈতে শান্তি আলোচনাৰ বাবে থকা আগ্ৰহৰ কথা জানিবলৈ দিছিল ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড৹ শৰ্মায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে কে এল অ’ৰ সেনাধ্যক্ষগৰাকীৰ সৈতে তেওঁৰ প্ৰায়েই কথা-বতৰা চলি থাকে ৷ শান্তি আলোচনাৰ বাবে জীৱন সিংহৰ থকা আগ্ৰহৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰকীয়ে আদৰণি জনাইছিল বিদ্ৰোহী সংগঠনটোক ৷
Comments