গুৱাহাটী,১৯ আগষ্ট:বৃহস্পতিবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে মণিপুৰৰ টুপুলৰ ভূমিস্খলনত প্ৰাণ হেৰুওৱা ভাৰতীয় সেনা জোৱানসকলৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে । সিঙে শিলিগুৰিৰ ওচৰৰ বেংডুবি সামৰিক ঘাটিত অনুষ্ঠিত 'বীৰাংগনা সন্মান সমাৰোহ' কাৰ্যসূচীৰ জৰিয়তে প্ৰতিগৰাকী শ্বহীদৰ পত্নীক ৭ লাখ টকাৰ চেক প্ৰদান কৰে ।
উক্ত ভূমিস্খলনৰ ঘটনাৰ পাছত ৩৫ জন সৈনিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও বৰ্তমানলৈ এজন সৈনিকৰ সন্ধান পোৱা হোৱা নাই । সিঙে উল্লেখ কৰে যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে সৈনিকৰ জীৱনৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰে । কাৰণ সৈনিকসকলৰ ত্যাগৰ পৰিমাণ সকলো মূল্যৰ ওপৰত । তথাপিও শ্বহীদ সৈনিকসকলৰ পৰিয়ালৰ ভৱিষ্যতৰ স্বাৰ্থত ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক ১ কোটি ৩৩ লাখৰ পৰা ১ কোটি ৫২ লাখ টকাৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে । লগতে যিকোনো পৰিস্থিতিত প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে তেওঁলোকৰ কাষত থকাৰ আশ্বাস প্ৰদান কৰে সিঙে ।
Comments