গুৱাহাটী,১৬ আগষ্ট:জম্মু-কাশ্মীৰত নদীত পৰিল নিৰাপত্তা বাহিনীৰ জোৱানক কঢ়িওৱা বাছ । উক্ত দুৰ্ঘটনাত মৃত্যু হৈছে ৭ সেনা জোৱানৰ । আনহাতে, আহত হৈছে আন বহুকেইজন । বাছখনত মুঠ ৩৭ জন জোৱান আছিল বুলি জানিব পৰা গৈছে । ইতিমধ্যে তীব্ৰগতিত আৰম্ভ হৈছে উদ্ধাৰকাৰ্য । এএনআই সূত্রৰ খবৰ মতে, বাছখনত মুঠ ৩৭ জন আইটিবিপি জোৱান আছিল । লগতে বাছখনত আৰু দুজন আৰক্ষীৰ লোকো আছিল । অনন্তনাগ জিলাৰ পহেলগাঁৱত বাছখনৰ ব্রেক ফেইল হোৱাৰ ফলতেই উক্ত দুর্ঘটনাটি সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে দুর্ঘটনাস্থলীলৈ ৰাওনা হয় ১৯খন এম্বুলেন্স ।
পিটিআই সূত্রৰ খবৰ মতে, অমৰনাথ যাত্রাত কৰ্তব্য শেষ কৰি বাছেৰে উভতিছিল উক্ত জোৱানসকল । মৃত জোৱানসকলৰ মৃতদেহ পহেলগাঁও চিভিল হস্পিটেলত ৰখা হৈছে । দুর্ঘটনাত সামান্য আঘাতপ্ৰাপ্ত তিনিজনৰ প্রাথমিক চিকিৎসা কৰা হৈছে পহেলগাঁৱৰ মহকুমা হস্পিটেলত । বাকী আহতসকলক শ্রীনগৰৰ সেনা হস্পিটেলত ভর্তি কৰোৱা হৈছে । কাশ্মীৰ মণ্ডল আৰক্ষীয়ে টুইটযোগে জনাইছে, ‘পহেলগাঁৱত চন্দনৱাৰীৰ কাষত বাছ দুর্ঘটনা সংঘটিত হৈছে । সাতজন আইটিবিপি জোৱানৰ মৃত্যু হৈছে । আহত হৈছে আন কেইবাজনো । তেওঁলোকক শ্রীনগৰ সেনা হস্পিটেলত ভর্তি কৰোৱা হৈছে ।’
Comments