গুৱাহাটী,১৬ আগষ্ট: উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ পাকৰি গোদাম গাঁৱৰ পৰা ১০০ শতাংশ বৃত্তি লাভ কৰি আমেৰিকাৰ প্ৰতিষ্ঠিত ৱাশ্বিংটন এণ্ড লী বিশ্ববিদ্যালয়ত পঢ়াৰ সুবিধা লাভ কৰিছে অংশিকা পেটেলে । অৰ্থনৈতিকভাৱে দুৰ্বল পটভূমিৰ পৰা অহা উত্তৰ প্ৰদেশৰ বিদ্যাজ্ঞান একাডেমীৰ ছাত্ৰী অংশিকাই কঠোৰ পৰিশ্ৰম কৰি সকলো অসুবিধা অতিক্ৰম কৰি এই প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ত নামভৰ্তি লাভ কৰিবলৈ সক্ষম হয় । সাতজনীয়া পৰিয়ালৰ ভিতৰত তেওঁ প্ৰথমগৰাকী সন্তান হ’ব যিয়ে এখন প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিছে ।
অংশিকাৰ দেউতাকে এখন সৰু দোকানত কাম কৰে আৰু মাক এগৰাকী দৰ্জী।২০১৫ চনত বিদ্যাজ্ঞানত যোগদান কৰাৰ পিছত তেওঁৰ জীৱনে এক নতুন গতি ল'লে।বিদ্যালয়খনে মেধাৱী, অসুবিধাগ্ৰস্ত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ বিশ্বমানৰ মানদণ্ডৰে শিক্ষা প্ৰদান কৰে। তেওঁৰ শিক্ষক, অধ্যক্ষ আৰু গুৰুসকলে তেওঁক প্ৰতিটো খোজতে প্ৰেৰণা দিছিল আৰু উৎসাহিত কৰিছিল।
অংশিকাই কয় যে তেওঁ মাতৃৰ পৰা প্ৰেৰণা লয় যিয়ে ঘৰুৱা কাম পৰিচালনা কৰাৰ লগতে গাঁৱৰ মহিলাসকলক আৰ্থিকভাৱে স্বাধীন হোৱাত সহায় কৰিবলৈ চিলাইৰ প্ৰশিক্ষন প্ৰদান কৰে।অতি কম বয়সতে তেওঁ অৰ্থনৈতিক কষ্টবোৰ বুজি পাইছিল।মাকৰ জৰিয়তে তেওঁ নাৰী-উদ্যোগীকৰণৰ এক ক্ষুদ্ৰ উদাহৰণ দেখিছে আৰু উপলব্ধি কৰিছে যে নাৰীসকলৰ আৰ্থিক সবলীকৰণে কেৱল পৰিয়াল পৰ্যায়ত পৰিৱৰ্তন অনাই নহয়, সমাজ আৰু দেশ পৰ্যায়ত অধিক পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিব পাৰে।
তেওঁ লগতে কয় যে,"এইটোৱেই মোক উদ্যোগী অৰ্থনীতিৰ প্ৰতি বিশেষ আগ্ৰহেৰে অৰ্থনীতি অধ্যয়ন কৰিবলৈ উদ্দীপিত কৰিছিল। মই এজন অৰ্থনীতিবিদ হ'ব বিচাৰো যাতে সমাজত বিদ্যমান বিভিন্ন বিত্তীয় সমস্যাৰ সমাধানৰ কাম কৰি মই অৰিহণা যোগাব পাৰো।"বৃহস্পতিবাৰে আমেৰিকালৈ ৰাওনা হ’ব অংশিকা।
Comments