গুৱাহাটী, ১৬ আগষ্টঃআজিৰে পৰা পুনৰ আৰম্ভ হ’ব 'কা' আন্দোলন।ছাত্ৰ নেতা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত তথা নেছ’ৰ আহ্বানত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সন্থাই আৰম্ভ কৰিব 'কা' আন্দোলন।কৰ'না মহামাৰীৰ বাবে যোৱা সময়ছোৱাত স্তব্ধ হৈ পৰিছিল ‘কা’ বিৰোধী প্ৰতিবাদ।উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰাৰ দাবীত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যত বিক্ষোভ প্ৰদৰ্শন কৰা হ'ব।
উত্তৰ-পূবৰ সাতোখন ৰাজ্যৰ ৰাজধানী চহৰত নেছ’ৰ অন্তর্গত ছাত্র সংগঠনসমূহে নিজ নিজ ৰাজ্যত এই বিক্ষোভ কৰিব। অসমত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটী মহানগৰীত এই বিক্ষোভ প্ৰদৰ্শন কৰা হ'ব।খাছি ছাত্ৰ সন্থা আৰু গাৰো ছাত্ৰ সন্থাই শ্বিলঙত,নগা ছাত্র ফেডাৰেশ্যনে কোহিমাত, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই ইটানগৰত,সদৌ মণিপুৰ ছাত্ৰ সন্থাই ইম্ফলত,মিজো জিৰলাই প’লে আইজলত,ত্ৰিপুৰা ছাত্র ফেডাৰেশ্যনে আগৰতলাত বিক্ষোভ প্ৰদৰ্শন কৰিব।
এই আন্দোলনৰ ক্ষেত্ৰত ছাত্ৰ নেতা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ব্যক্ত কৰে যে, সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।অসমৰ ৰাইজে 'কা' মনা নাই, অসম আৰু উত্তৰ–পূৰ্বাঞ্চলে অবৈধ বিদেশী বোজা নলয়।উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত হ'বই লাগিব।উত্তৰ পূৰ্বাঞ্চলত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব নিয়ন্ত্ৰণ থাকিব লাগিব আৰু সৰ্বকালৰ কাৰণে খিলঞ্জীয়া মানুহৰ হাতত নির্ণায়ক অধিকাৰ থাকিব লাগিব।
উত্তৰ পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰো নহয় আৰু ডাষ্টবিনো নহয়।নেছ'ৰ দাবী পূৰণ নোহোৱালৈকে উত্তৰ পূৰ্বাঞ্চলজুৰি অহিংস আন্দোলন অব্যাহত থাকিব বুলিও তেওঁ চৰকাৰক সকীয়াই দিয়ে।
Comments