গুৱাহাটী,১৭ আগষ্ট: অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন বুধবাৰে অনুষ্ঠিত হ’ব । স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবে এদিনীয়া এই বিশেষ অধিৱেশনৰ আয়োজন কৰা হৈছে । বুধবাৰে বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া বিশেষ অধিৱেশনখন সন্ধিয়া ৭ বজালৈ অনুষ্ঠিত হ'ব ।স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ বাবেই অসম বিধান সভাৰ এই বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব । এদিনীয়া অধিবেশনৰ বাবে সাজু হৈছে অসম বিধানসভা । অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে জনোৱা মতে বুধবাৰে বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া অধিৱেশনৰ বাবে ৪ ঘণ্টীয়া কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে । সন্ধিয়া ৭ বজাত অন্ত পৰিব অধিৱেশনৰ কাৰ্যসূচী ।
অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰা অনুসৰি অধিৱেশনত বিধায়কসকলে দেশৰ ইতিহাস সম্পৰ্কে বক্তব্য প্ৰদান কৰিব । তদুপৰি দেশৰ বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰসংগয়ো এই অধিৱেশনত স্থান লাভ কৰিব । অসম বিধানসভাৰ পুৰণি সদনত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলি তেওঁ সদৰী কৰে ।দেশে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰি ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে । এবছৰ ধৰি উদযাপন হোৱা আজাদী কা অমৃত মহোৎসৱ তথা তিনিদিনীয়াকৈ অনুষ্ঠিত হৰ ঘৰ ত্ৰিৰংগ কাৰ্যসূচী সন্দৰ্ভতো অধিৱেশনত আলোচনা কৰা হ’ব । অধিৱেশনত দেশৰ স্বাধীনতাৰ বিষয়ে আলোচনা হ’ব । বিধায়কসকলে দেশৰ ইতিহাস সম্পৰ্কে বক্তব্য ৰাখিব ।
Comments