Cartoon
View Older
গুৱাহাটী,১৭ আগষ্ট:ইডিৰ বিৰুদ্ধে বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰে সাংবাদিক ৰাণা আয়ুবে।ন্যায়াধীশ যশৱন্ত বৰ্মাৰ বিচাৰপীঠে আজি এই আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সাজু হৈছে।l
ইডিয়ে ফেব্ৰুৱাৰী মাহত ক’ভিড সাহায্যৰ বাবে লাভ কৰা ধনৰ বিসংগতিৰ অভিযোগ সন্দৰ্ভত ১.৭৭ কোটি টকাৰ খেলি মেলি পাইছিল । এই তদন্তই স্পষ্ট কৰি দিলে যে সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত আৰু পদ্ধতিগতভাৱে ধন সংগ্ৰহ কৰা হৈছিল যদিও যিটো উদ্দেশ্যৰ বাবে ধন সংগ্ৰহ কৰা হৈছে সেই উদ্দেশ্যে পুঁজি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হোৱা নাছিল।
Comments