Cartoon
View Older
গুৱাহাটী,১৭ আগষ্ট: কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদে কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্ত হোৱাৰ কেইঘণ্টামান পিছতেই অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে । সূত্ৰৰ পৰা জানিব পৰা মতে, স্বাস্থ্যজনিত কাৰণত তেওঁ এই পদ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল যদিও তেওঁ এই পদক্ষেপে জম্মু-কাশ্মীৰ কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিবাদৰ সংকেত দিছে ।
গুলাম নবী আজাদে দলীয় নেতৃত্বক দায়িত্ব দিয়াৰ বাবে ধন্যবাদ জনায় আৰু স্বাস্থ্যজনিত কাৰণত তেওঁ এই পদ গ্ৰহণ কৰাত ব্যৰ্থ বুলি উল্লেখ কৰাৰ কথা জানিব পৰা হৈছে ৷ অৱশ্যে দুয়োপক্ষৰ পৰা এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা হোৱা নাই ৷ গুলাম নবী আজাদৰ এই পদত্যাগে দলৰ বহুতকে সচকিত কৰি তুলিছে ৷ কাৰণ দলীয় মঞ্চত তেওঁ সদায় সক্ৰিয় আছিল আৰু তেওঁক গুৰুত্বপূৰ্ণ নিযুক্তিত পৰামৰ্শ দিয়া হৈছিল ৷
Comments