গুৱাহাটী,২২ আগষ্ট:যদিও কৃষক আন্দোলন বাতিল কৰা হৈছিল, তথাপিও চৰকাৰে দিয়া কোনো এটা প্ৰতিশ্ৰুতিও পালন কৰা নহ’ল। এই অভিযোগক লৈ সোমবাৰে দিল্লীৰ জন্তৰ মন্তৰত কৃষকসকলে এক প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে। দেওবাৰৰ পৰা কৃষকসকলে সৰু সৰু গোটত প্ৰতিবাদস্থলীত উপস্থিত হ’বলৈ আৰম্ভ কৰিছে। এনে অৱস্থাত দিল্লী-হাৰিয়ানাৰ টিকৰী সীমান্তত দিল্লী আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰিছে। সমগ্ৰ অঞ্চলটো চিমেণ্টৰ বেৰিকেডেৰে আগুৰি ধৰিছে।
অশান্তিৰ পৰা হাত সাৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা হিচাপে দিল্লী আৰক্ষীয়ে আটক কৰে কৃষক সংগঠন ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইতক। তেওঁক মধুবিহাৰ থানাত ৰখা হৈছে। তেওঁক গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰি টিকাইতে টুইট কৰি কয় যে দিল্লী আৰক্ষীয়ে কৃষকৰ মাত দমন কৰিব নোৱাৰে।সোমবাৰৰ এই প্ৰতিবাদৰ নেতৃত্ব গ্ৰহণ কৰিছে ইউনাইটেড কিষাণ মৰ্চাই । এই সংগঠনসমূহৰ ভিতৰত প্ৰায় ৪০টা ক্ষুদ্ৰ-বৃহৎ কৃষক সংগঠন আছে। ইয়াৰ পূৰ্বে সংযুক্ত কিষাণ মৰ্চাই অহা ১৮ আগষ্টত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত ৭৫ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক প্ৰতিশ্ৰুতি পূৰণৰ দাবী জনাইছিল। ৩১ জুলাইত পঞ্জাৱৰ কৃষকসকলে ভল্লা, ভাটিন্দা, আম্বালা অঞ্চলত ৰে’ল অৱৰোধ কৰে।
Comments