গুৱাহাটী,২২ আগষ্ট:গ্ৰেপ্তাৰ কৰিব পাৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক । দেশৰ শীৰ্ষ তদন্তকাৰী সংস্থা ফেডাৰেল ইনভেষ্টিগেশ্যন এজেন্সীয়ে (এফআইএ) বিত্তীয় লেনদেনৰ সৈতে জড়িত গোচৰত জাৰি কৰা দুখন জাননীৰ উত্তৰ নিদিলে ইমৰান খানে । তিনিটাকৈ জাননী দিয়াৰ পিছতো কোনো সঁহাৰি নাপালে ইমৰাণ খানক গ্ৰেপ্তাৰ কৰিব পাৰে পাকিস্তান প্ৰশাসনে ।
বিত্তীয় লেনদেনৰ সৈতে জড়িত এটা গোচৰত যোৱা শুকুৰবাৰে ইমৰাণৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফলৈ এফআইএই দ্বিতীয়খন জাননী পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু সেই জাননীৰ প্ৰতি কোনো সঁহাৰি নিদিলে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে। কেৱল সেয়াই নহয়, ১০ আগষ্টত প্ৰথম জাননীৰ পিছত ইমৰাণ খান তদন্তকাৰী সংস্থাটোৰ সন্মুখত হাজিৰ নহ’ল। ইয়াৰ পিছত তদন্তকাৰী সংস্থাই তিনিখন জাননী প্ৰেৰণ কৰিব। যদি তেওঁ সেই জাননীৰ প্ৰতি সঁহাৰি নিদিয়ে তেন্তে এফআইএই ইমৰানক খানক গ্ৰেপ্তাৰৰ চূড়ান্ত সিদ্ধান্ত ল’ব।
ইফালে ইমৰানে এফআইএৰ জাননী প্ৰত্যাহাৰ কৰিবলৈ সকীয়াই দি কয়,“মই উত্তৰ দিবলৈ বাধ্য নহয় বা কোনো তথ্য দাখিল কৰিবলৈ বাধ্য নহয়। দুদিনৰ ভিতৰত জাননী প্ৰত্যাহাৰ নকৰিলে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম।''
Comments