নতুন দিল্লী, ২২ আগষ্ট ঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ শিশোদিয়া জড়িত থকা দিল্লীৰ আবকাৰী নীতিক কেন্দ্ৰ কৰি বিতৰ্ক তুংগত উঠিছে৷ আবকাৰী নীতিত অনিয়মৰ অভিযোগ তুলি আজি বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনৰ বাহিৰত এটা ডাঙৰ প্ৰতিবাদ কৰে আৰু প্ৰতিবাদকাৰীসকলে কেজৰিৱাল আৰু শিশোদিয়াৰ প্ৰতিমূৰ্তি দাহ কৰে৷
প্ৰতিবাদত অংশগ্ৰহণ কৰি দিল্লী বিজেপিৰ সভাপতি আদেশ গুপ্তাই কয় যে কেজৰিৱালে শিশোদিয়াক বৰ্খাস্ত কৰা উচিত, কাৰণ চি বি আয়ে পঞ্জীয়ন কৰা গোচৰটোত শিশোদিয়া ‘এক নম্বৰ অভিযুক্ত’৷ তেওঁ অভিযোগ কৰে, ‘কেজৰিৱাল গোটেই কেলেংকাৰিটোৰ মূল৷ কাৰণ সুৰা মাফিয়াবোৰক চৰকাৰী অৰ্থভাণ্ডাৰ লুট কৰিবলৈ অনুমতি দিয়া হৈছিল৷’
গুপ্তাই কয় যে কেজৰিৱাল চৰকাৰে কৰা দুৰ্নীতি আৰু আবকাৰী কেলেংকাৰিৰ বিষয়ে জনসাধাৰণক জনাবলৈ বিজেপিৰ কৰ্মীসকল সমগ্ৰ মহানগৰখনৰ মানুহৰ ঘৰে ঘৰে যাব৷ ইফালে আপ ভাঙি বিজেপিত যোগ দিলে শিশোদিয়াক দিল্লীৰ মুখ্যমন্ত্ৰী পতা হ’ব বুলি বিজেপিয়ে প্ৰস্তাৱ দিয়া বুলি আজি শিশোদিয়াই কৰা অভিযোগ বিজেপিয়ে নুই কৰে৷
কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ছিমলাত আজি কয় যে কেজৰিৱাল এজন ‘ডাঙৰ মিছলীয়া’ আৰু তেওঁৰ মন্ত্ৰীসকল ‘তেওঁতকৈও ডাঙৰ মিছলীয়া৷’ আনহাতে দিল্লীত এখন সংবাদমেলত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ ভাটিয়াই কেজৰিৱাল আৰু শিশোদিয়াক আক্ৰমণ কৰি কয় যে আবকাৰী নীতি-বিষয়ক সমিতিয়ে দিয়া পৰামৰ্শ আৰু আপ চৰকাৰে ৰূপায়ণ কৰা নীতিৰ মাজত ভালেমান অনিয়ম হৈছিল৷ দুৰ্নীতিৰ অভিযোগসমূহত কেজৰিৱালৰ মৌনতাই প্ৰমাণ কৰে যে তেওঁ ‘অতি অসৎ’৷
Comments