গুৱাহাটী,১৮ আগষ্ট : নগালেণ্ডৰ গৱেষক ড০ আৰ্কোটং লংকুমাৰে ‘ডিকল’নাইজিং মিউজিয়াম’ শীৰ্ষক প্ৰকল্পৰ বাবে কলা আৰু সামাজিক গৱেষণা পৰিষদৰ (এএইচআৰচি) ১ মিলিয়ন পাউণ্ডৰ অনুদান লাভ কৰিছে । এই প্ৰকল্পটো ৪ বছৰ ধৰি চলিব ।
ডিক’ল’নাইজিং দ্য মিউজিয়াম: ডিজিটেল ৰিপেট্ৰিয়েচন অৱ দ্য গাইডিনলিউ কালেকচন ফ্ৰম দ্য ইউকে টু ইণ্ডিয়া (ডিমুজ) হৈছে ৪ বছৰীয়া গৱেষণা প্ৰকল্প, য’ত ড০ লংকুমাৰক প্ৰধান তদন্তকাৰী গবেষক হিচাপে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ক্লেয়াৰ হেৰিছক সহ অনুসন্ধানকাৰী হিচাপে,এজন পোষ্ট-ডক্টৰেট ফেলো,ব্ৰিটেইন আৰু ভাৰতৰ অসংখ্য গৱেষণাকাৰীক সংযুক্ত কৰা হৈছে ।
এই অনুদানৰ পৰিমাণ প্ৰায় ১,০০০,০০০ পাউণ্ড আৰু ইয়াত কেইবাটাও কাৰ্য্যকলাপ জড়িত থাকিব - এখন তথ্যচিত্ৰ, এখন গ্রাফিক উপন্যাস আৰু এটা ৱেবছাইটত কিউৰেট কৰা হ'ব য'ত থ্ৰী-ডি প্ৰযুক্তিৰ সৈতে এটা অনলাইন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হ'ব।
Comments