গুৱাহাটী,১৯ আগষ্ট:ৰঞ্জিতা শইকীয়া ডেকাই ১৫ বছৰীয়া দীঘলীয়া ব্যৱসায়িক পৰিক্ৰমাত এক বৃহৎ সংকটৰ সন্মুখীন হোৱাৰ পিছতো সাহসেৰে মৎস্য উৎপাদনৰ এক অনন্য পদ্ধতিৰে আগুৱাই আহিছে । Recirculating Aquaculture System (RAS) প্ৰযুক্তি ব্যৱহাৰ কৰি ভূমিভিত্তিক মীন পালন আৰম্ভ কৰা অসমৰ প্ৰথম গৰাকীৰ উদ্যমী ব্যৱসায়ী হৈছে ৰঞ্জিতা শইকীয়া ডেকা ।
দ্য বেটাৰ ইণ্ডিয়াৰ সৈতে হোৱা বাৰ্তালাপত ৰঞ্জিতা শইকীয়া ডেকাই কয়,“জীৱনৰ নিজস্ব উত্থান-পতন আছে, যিয়েই নহওক কিয়, আমি ইয়াক ইতিবাচক মানসিকতাৰে গ্ৰহণ কৰাটো প্ৰয়োজনীয় কাৰণ প্ৰতিটো প্ৰত্যাহ্বানেই এক সুযোগ।"
অতি কোমল বয়সৰ পৰাই তেওঁ কিবা এটা উদ্ভাৱনীমূলক আৰু আউট অৱ দ্য বক্স কৰিব বিচাৰিছিল। ২০০৫ চনত যেতিয়া ইণ্টাৰনেটৰ নতুন পৰ্যায়ত আছিল, তেতিয়া ইণ্টাৰনেট আৰু অন্যান্য আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ মিছন গ্ৰহণ কৰি বিনামূলীয়া ক্লাছ ল’বলৈ আৰম্ভ কৰিছিল। অৱশেষত ধেমাজি জিলাত তেওঁ এখন অনলাইন সেৱাৰ দোকান খুলিলে। ২০২০ চনৰ মাৰ্চ মাহলৈকে কথাবোৰ ভালদৰেই চলিছিল, কিন্তু ক’ভিড আৰু ইয়াৰ পৰৱৰ্তী লকডাউনৰ বাবে এবছৰতকৈ অধিক সময় তেওঁলোকে দোকান বন্ধ কৰিবলৈ বাধ্য হয় ।
কিন্তু ৰঞ্জিতাই কেতিয়াও উপাৰ্জনৰ এটা উৎসত লাগি থাকিব বিচৰা নাছিল। ২০১৮ চনতেই তেওঁ একুৱাপনিক্স কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ লগতে কৈছিল, “এদিন ইউটিউব স্ক্ৰ’ল কৰি থাকোঁতে একুৱাপনিক্সৰ ওপৰত এটা ভিডিঅ’ দেখিলোঁ আৰু তাতেই মোৰ মনলৈ আহিল এই ধাৰণাটো। একেটা পৰিৱেশতে জৈৱিক শাক-পাচলি আৰু মাছ একেবাৰে খেতি কৰাৰ কৌশলটোৱে মোক মুগ্ধ কৰি তুলিছিল।সঁচা কথা ক’বলৈ গ’লে মই কেতিয়াও কল্পনা কৰা নাছিলো যে মোৰ একুৱাপনিক্সৰ ট্ৰাইল এণ্ড এৰ’ৰ পদ্ধতি ইমান জনপ্ৰিয় হ’ব। এই সফলতাই মীন খণ্ডত ডাঙৰ কিবা এটা কৰাৰ বাবে মোৰ আত্মবিশ্বাস বৃদ্ধি কৰিলে আৰু সেই অনুসৰি মই আৰএএছ প্ৰযুক্তিৰ ওপৰত নিজৰ চেষ্টা কৰিলোঁ।”ৰঞ্জিতাৰ একুৱাপনিক্স ব্যৱসায়টো এক বৃহৎ সফলতা লাভ কৰিছিল, আৰু ইয়াৰ সাক্ষী হৈ মীন বিভাগে ২০১৭-১৮ চনত ভাৰতৰ নীলা বিপ্লৱ (Blue Revolution) আঁচনিৰ অধীনত এই হাই-টেক প্ৰকল্পটো স্থাপন কৰিবলৈ তেওঁৰ কাষ চাপিছিল।
'ভাৰতত Recirculating Aquaculture System (RAS) প্ৰযুক্তি ২০১৫-১৬ বৰ্ষত নীলা বিপ্লৱ আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছিল।এই টেংকসমূহৰ দাম ৫০ হাজাৰৰ পৰা ৫০ লাখ টকালৈকে যিকোনো ঠাইতে। আৰু RAS প্ৰযুক্তিৰ সুবিধাসমূহৰ ভিতৰত আছে কম স্থান, কম শ্ৰমিক, আৰু অধিক উৎপাদন আদি।
এই প্ৰকল্পৰ সফলতাই, যোৱা দুবছৰত, অসমৰ বিভিন্ন কোণৰ পৰা বহুতকে আকৰ্ষণ কৰিছে । কিন্তু ইমানৰ পিছতো মাত্ৰ ছয়ৰ পৰা সাতজন লোকেহে এই কৌশল সফলতাৰে শিকি কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছে । ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ পত্নী নীতি দেৱেও ৰঞ্জিতাৰ ফাৰ্ম পৰিদৰ্শন কৰি ত্ৰিপুৰাটো এই প্ৰকল্পটো আৰম্ভ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।
Comments