গুৱাহাটী,১৯ আগষ্ট:ভাৰতৰ দক্ষিণ দিশত থকা ৱেষ্টাৰ্ণ আৰু ইষ্টাৰ্ণ ঘাটক একত্ৰিত কৰা জৈৱ বৈচিত্ৰ্যৰ হটস্পট মালে মহাদেৱা পাহাৰত বল্লিয়াম্মল কৃষ্ণস্বামী আৰু তেওঁৰ স্বামী ৰাজন পলানিয়াপ্পনে বিগত ১৬ বছৰ ধৰি গ্ৰাম্য বিপ্লৱৰ সৃষ্টি কৰি আহিছে।তেওঁলোকৰ এন জি অ’ অনিশাৰ জৰিয়তে দম্পতীহালে জৈৱিক কৃষিৰ প্ৰসাৰ ঘটাই কৰ্ণাটকৰ খৰাংপ্ৰৱণ চামাৰাজানগৰ জিলাৰ কৃষক সমাজৰ জীৱিকাৰ উন্নতিৰ বাবে অদম্যভাৱে কাম কৰি আহিছে।১৯৯৪ চনত বেংগালুৰুত এল এল বি কৰি থকাৰ সময়তে ৰাজন বল্লিয়াম্মল আৰু তেওঁলোকৰ বন্ধু শ্ৰীনিবাসনে এই এন জি অ’টো আৰম্ভ কৰিছিল।অনিছাই প্ৰথমতে বেংগালুৰুৰ পথৰ শিশুসকলক শৈক্ষিক কাৰ্য্যকলাপত জড়িত কৰাৰ দিশত কাম কৰিছিল।
বল্লিয়াম্মলে দ্য বেটাৰ ইণ্ডিয়াক এটা সাক্ষাৎকাৰত কৈছিল,“সেই শিশুসকলৰ সৈতে কাম কৰি মই অনুভৱ কৰিছিলোঁ যে তেওঁলোকৰ পিতৃ-মাতৃয়ে উৎপাদনশীলতা হ্ৰাস পোৱাৰ বাবে কৃষি এৰি দিছিল আৰু সেউজীয়া চৰণীয়া পথাৰ বিচাৰি চহৰবোৰলৈ প্ৰব্ৰজন কৰিছিল।’এই বিষয়টোৱে তেওঁৰ মনত এক বেলেগ স্তৰত অনুৰণন ঘটাইছিল, কিয়নো বল্লিয়াম্মলৰ মাক-দেউতাক নিজেই বহু আগতেই নিজৰ গাঁৱৰ পৰা চহৰলৈ প্ৰব্ৰজন কৰিছিল।
২০০৪ চনত চামাৰাজানগৰ জিলাৰ নল্লুৰত থকা স্বামীৰ গাঁওখনলৈ গৈ থাকোঁতে তেওঁ লক্ষ্য কৰিছিল যে তাত থকা বেছিভাগ গাঁৱৰ মানুহে হয় ৰাসায়নিক ভিত্তিক কৃষিৰ দিশত ধাৱমান হৈছে নহয় খেতি ত্যাগ কৰি বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰিছে।“চামৰাজানগৰৰ গাঁওসমূহ বেছিকৈ খেতিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু কম উৎপাদনশীলতাৰ বিষয়টোৱে বছৰ বছৰ ধৰি তেওঁলোকক চিন্তাত পেলাই আহিছে। এই অঞ্চলটো বৰষুণীয়া অঞ্চল আৰু বাৰিষাৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল, কিয়নো জলসিঞ্চন সদায় এক কঠিন প্ৰক্ৰিয়া আৰু বৰষুণ যঠেষ্ট কম ।"
ইফালে, নল্লুৰ গাঁৱৰ পথাৰত ডাঙৰ-দীঘল হোৱা ৰাজনে কৈছিল যে উক্ত অঞ্চলটোত ব্যাপক খেতি আছিল যদিও বছৰ বছৰ ধৰি ইয়াৰ বহুত পৰিৱৰ্তন হৈছে। তেওঁ কৈছিল যে,“বহুদিনৰ আগতে মোৰ ককা-আইতাকৰ সময়ত মানুহে কেৱল জৈৱিক বা প্ৰাকৃতিক খেতি কৰিছিল। বছৰ বছৰ ধৰি তেওঁলোকে অধিক লাভৰ বাবে ৰাসায়নিক কৃষিৰ দিশলৈ স্থানান্তৰিত হৈছিল, যিয়ে মাটিৰ উৰ্বৰতা আৰু উৎপাদনশীলতাত প্ৰভাৱ পেলাইছিল।” বিষয়টো বুজিবলৈ আৰু ইয়াৰ সমাধানৰ বাবে অনুপ্ৰাণিত হৈ ২০০৬ চনত দম্পতীহালে জৈৱিক কৃষিৰ প্ৰসাৰ আৰু এই গাঁওসমূহত খাদ্য সুৰক্ষা নিশ্চিত কৰি গ্ৰাম্য উন্নয়নৰ দিশত মনোনিৱেশ কৰে। চামৰাজানগৰৰ কলেগাল তালুকৰ মাৰ্তল্লীলৈ তেওঁলোকৰ এন জি অ’ স্থানান্তৰ কৰে।এতিয়ালৈকে তেওঁলোকে ২০০০ৰো অধিক কৃষকক জৈৱিক কৃষিৰ প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ মাৰ্টাল্লী অঞ্চলৰ ২০খন গাঁও আৰু ইয়াৰ আশে-পাশে ৪০০ৰো অধিক কিটছেন গাৰ্ডেন স্থাপন কৰাত সহায় কৰিছে।
Comments