গুৱাহাটী,২৪ আগষ্ট:পাকিস্তানৰ গৃহ মন্ত্ৰী ৰাণা ছানাউল্লাৰ ঘোষণা,প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক সুৰক্ষাৰ সময়সীমা শেষ হোৱাৰ পিছত গ্ৰেপ্তাৰ কৰা হ’ব।পাকিস্তান তেহৰিক-ই-ইনছাফৰ অধ্যক্ষ ইমৰাণ খানৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত অভিযোগ উত্থাপন হৈছে। এই প্ৰসংগত তেওঁ সোমবাৰে ইছলামবাদ উচ্চ ন্যায়ালয়ৰ পৰা গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা বিচাৰিছিল। সেই সুৰক্ষাৰ ম্যাদ ২৫ আগষ্ট বৃহস্পতিবাৰে শেষ হ’ব।
পাকিস্তানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ইয়াৰ মাজতে পাকিস্তানৰ গৃহ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছিল। তাত পিটিআইৰ অধ্যক্ষক গ্ৰেপ্তাৰৰ অনুমতি বিচাৰিছিল। ইয়াৰ পিছতে গৃহমন্ত্ৰী ৰাণাই জনোৱা মতে, আদালতে প্ৰদান কৰা সুৰক্ষাৰ ম্যাদ উকলি যোৱাৰ পিছতহে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হ’ব।
২০ আগষ্ট শনিবাৰে ইছলামবাদত এখন জনসভাত এগৰাকী আৰক্ষী বিষয়া আৰু এগৰাকী মহিলা ন্যায়াধীশক ভাবুকি দিয়াৰ অভিযোগত ইমৰান খানৰ বিৰুদ্ধে সন্ত্ৰাসবাদ দমন আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। সেই ক্ষেত্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক এইবাৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।
Comments