গুৱাহাটী, ২৪ আগষ্ট : উপাৰ্জনতকৈও 'সুখৰ অৰ্থনীতি'তহে বিশ্বাসী বুলি দাবী কৰি বিশ্ব সমাজৰ দৃষ্টি আকৰ্ষণ কৰা আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান শেহতীয়াকৈ সন্মুখীন হৈছে গুৰুতৰ অৰ্থনৈতিক সংকটৰ । অতি শেহতীয়াকৈ এই কথা আনুষ্ঠানিকভাৱে জনাইছে ৰাষ্ট্ৰখনৰ 'ৰয়েল মনিটৰী অথৰিটী'য়ে ।মাত্ৰ ৮ লাখ জনসংখ্যাৰ এই ক্ষুদ্ৰ ৰাষ্ট্ৰখনৰ এই সংকটক লৈ আলোচনা চলিছে অৰ্থনীতিবিদ আৰু গৱেষণা সংস্থাসমূহৰ মাজত । ৰয়েল মনিটৰী অথৰিটীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২০ ৰ পৰা আৰম্ভ হোৱা ক'ভিড-১৯ মহামাৰী প্ৰতিহত কৰাৰ ক্ষেত্ৰত দেশখনে লোৱা 'জিৰ' ক'ভিড নীতি'য়ে দেশখনৰ পৰ্যটন অৰ্থনীতিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে । সেই পৰিস্থিতিয়ে ঘৰুৱা অৰ্থনীতিৰ ওপৰত পেলোৱা প্ৰভাৱ শেহতীয়া বিত্তীয় বৰ্ষ দুটাত স্পষ্ট হৈ পৰিছে ।
অৰ্থনৈতিক সংকটৰ এই পৰিস্থিতিত 'ফৰেইন একছেঞ্জ ৰিজাৰ্ভ' ২০২১ চনৰ এপ্ৰিলৰ ১.৪৬ বিলিয়ন ডলাৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত ৯৭০ মিলিয়ন ডলাৰলৈ নামিছে । সংস্থাটোৰ মতে দেশখনৰ হাতত যি পৰিমাণৰ ফৰেইন একছেঞ্জ ৰিজাৰ্ভ আছে তাৰ বিপৰীতে অহা চৈধ্য মাহলৈহে নিত্য ব্যৱহাৰ্য সামগ্ৰী আমদানি কৰিব পাৰিব । ভূটানৰ সংবিধান মতে, অতি কমেও বাৰ মাহৰ বাবে নিত্য ব্যৱহাৰ্য সামগ্ৰী আমদানি কৰিব পৰাকৈ ফৰেইন একছেঞ্জ ৰিজাৰ্ভ থাকিবই লাগিব ।গতিকে সংস্থাটোৰ মতে, জোঁৰ পুৰি হাত পাবলৈ মাজত মাত্ৰ এমাহহে আছে ।
Comments