গুৱাহাটী,২৪ আগষ্ট:কম্বোডিয়াৰ বিৰুদ্ধে টিম ইণ্ডিয়াই ধাৰাবাহিক ভাৱে প্ৰতিখন খেলত বিজয়ী সাব্যস্ত হোৱাৰ লগতে চিৰিজ দখল কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতীয় টেনিছ ক্ৰিকেট দলটোৱে যোৱা ১৮ আগষ্টৰ দিনা কম্বোডিয়ালৈ ৰাওনা হৈছিল ৷ অসমৰ পৰা ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰা দেৱজিৎ অধিকাৰীয়ে বেটিঙত প্ৰথম দুখন খেলত বিস্ফোৰক বেটিঙত ৯ বলত ৩৩ ৰান আন এখন খেলত ১৫ বলত ৫২ ৰানৰ বিস্ফোৰক বেটিং কৰি টিম ইণ্ডিয়াক বিজয়ী কৰাত অন্যতম অৰিহনা যোগায় ৷ এখনৰ বাহিৰে বাকী ছয়খন মেটচত দেৱজিতে শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয় ৷
দেৱজিৎৰ এই সফলতাই ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ ২০২৩ চনত অনুষ্ঠিত হব লগা বিশ্বকাপ টেনিছ ক্ৰিকেটত ভাৰতীয় টেনিচ ক্ৰিকেট দলত অসম সন্তান দেবজিতে প্ৰতিনিধিত্ব কৰাটো নিশ্চিত হৈ পৰিছে ৷৭ খন মেটচৰ আটাই কেইখনতে ভাৰতীয় দলটো জয়ী লাভ কৰিছে ৷ আজি ভাৰতীয় দলটোৱে স্বদেশলৈ উভতি আহিব।
Comments