গুৱাহাটী,২৪ আগষ্ট:কোনো পূর্ব নির্ধাৰিত কাৰ্যসূচী বা কোনো ক্রীড়া সম্পর্কীয় বিষয় নহয়; সম্পূর্ণ ব্যক্তিগত কাৰ্যসূচীৰে হোজাই জিলা ভ্ৰমণ কৰি গ'ল শ্রীলংকা ক্রিকেট দলৰ প্ৰাক্তন খেলুৱৈ, বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্রিকেট আম্পায়াৰ কুমাৰ ধৰ্মসেনাই। ১৯৯৩ চনৰ পৰা ২০০৪ চনলৈ শ্রীলংকা ক্রিকেট দলক প্রতিনিধিত্ব কৰা কুমাৰ ধৰ্মসেনা আছিল ১৯৯৬ চনৰ বিশ্বকাপ বিজয়ী শ্রীলংকা ক্রিকেট দলৰ এজন সদস্য। বর্তমান ধর্মসেনা ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ ইলাইট শ্ৰেণীৰ এগৰাকী পৰিচিত আম্পায়াৰ । ক্ৰিকেটাৰগৰাকীয়ে কালি হোজাই জিলাৰ ইছলাম নগৰৰ অগৰু কাঠৰ বজাৰত মাস্ক পিন্ধি দুঘণ্টা কটাই গ'ল। কোনেও গম নাপালে এই কথা।
হোজাইত আহি ক্ৰিকেটাৰগৰাকীয়ে ডবকাৰ এজন লোকৰ ঘৰতো অলপ সময় জিৰণি লৈ যায়। ধৰ্মসেনাৰ লগতে আছিল তেওঁৰ অগৰু ব্যৱসায়ী পুত্ৰ কাবিস্কা ধর্মসেনা। গোপনে ক্ৰিকেটাৰজনে হোজাই আৰু ডবকা ভ্ৰমণ কৰি যোৱাৰ পিছত ক্ৰিকেটৰ ফেনসকলৰ মাজত হাহাকাৰ লাগে। জনপ্রিয় ক্ৰিকেটাৰজনক কাষত পোৱাৰ সুযোগ হেৰুৱালে ফেনসকলে। কিছুসংখ্যক অগৰু ব্যৱসায়ীয়ে নিজৰ ম'বাইলৰ কেমেৰাত কুমাৰ ধৰ্মসেনাৰ ফটো বন্দী কৰি ৰাখে। কিন্তু অচিৰেই ক্ৰিকেটাৰগৰাকী পুনৰ ডবকালৈ আহিব বুলি প্ৰতিশ্ৰুতি দি গ'ল। পুত্ৰৰ মালয়েছিয়াৰ অগৰু দোকানৰ বাবে হোজাইৰ ইছলাম নগৰৰ অগৰু বজাৰৰ পৰা বৃহৎ পৰিমাণৰ অগৰু কাঠ ক্ৰয় কৰে ক্ৰিকেটাৰগৰাকীয়ে।
Comments