গুৱাহাটী, ২৪ আগষ্টঃ যেতিয়া মানুহৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হ'বলৈ আৰম্ভ কৰে, তেতিয়া ইউৰিক এচিড বৃদ্ধি হৈ বিভিন্ন সমস্যা হয়। এয়া তেতিয়া হয়, যেতিয়া বিষাক্ত পদাৰ্থবোৰ শৰীৰৰ পৰা ওলাই নাহে আৰু ভিতৰত আৱদ্ধ হৈ থাকে। ইয়াৰ ফলত শৰীৰত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। এই সময়ত একেবাৰে সুৰাপান খোৱা উচিত নহয়। কিয়নো ইয়াত প্ৰুৰিনৰ পৰিমাণ অধিক আৰু একে সময়ত খাদ্য আৰু পানীয়ৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত, যদি কোনোবাই এই ৰোগত ভুগি আছে তেনেহ'লে এই বিশেষ তথ্য তেওঁলোকৰ বাবে অতিকৈ লাভদায়ক।
~ ফুলকবি, বন্ধাকবি আৰু কাঠফুলা
ইউৰিক এচিডত ভুগি থকা লোকসকলে ফুলকবি, বন্ধাকবি আৰু কাঠফুলা খাব নালাগে। কিয়নো ইয়াত প্ৰুৰিনৰ পৰিমাণ অতি বেছি, সেয়েহে এই বস্তুবোৰ পৰিহাৰ কৰিব লাগে।
~ প্ৰ'টিনসমৃদ্ধ খাদ্য
ইউৰিক এচিড থকা ৰোগীৰ বাবে প্ৰ'টিন সমৃদ্ধ খাদ্য ক্ষতিকাৰক হিচাপে প্ৰমাণিত হ'ব পাৰে। উদাহৰণ স্বৰূপে, গাখীৰ, দৈ, ৰাজমাহ, মটৰ, পালেং শাক, মচুৰ দাইল আদি খোৱা পৰিহাৰ কৰিব। কিয়নো প্ৰ'টিনসমৃদ্ধ খাদ্যত প্ৰায় ১০০ ৰ পৰা ২০০ গ্ৰাম পিউৰিন থাকে।
~ চেনীযুক্ত পানীয়
উচ্চ-চেনী যুক্ত খাদ্য, পেকেজিং পানীয়, চডা আদিৰ পৰা ইউৰিক এচিডত আক্রান্ত ৰোগীয়ে দূৰৈত থকা উচিত। এই সকলোবোৰ বস্তু যিমানে নিজৰ পৰা আঁতৰাই ৰাখিব, সিমানেই স্বাস্থ্যৰ বাবে ভাল। কিয়নো এই পদাৰ্থবোৰে শৰীৰত ইউৰিকৰ পৰিমাণ বৃদ্ধি কৰে, যি সমস্যা আৰু বৃদ্ধি কৰিব পাৰে, সেয়েহে সেইবোৰ পৰিহাৰ কৰাটো উচিত।
~ নিশা মচুৰ দাউল, চাউল নাখাব
ইউৰিক এচিড থকা ৰোগীসকলে নিশা সৰল খাদ্য খাব লাগে, যিকোনো বাকলি উলিওৱা মাহজাতীয় শস্য, চাউল আদি ৰাতি খাব নালাগে, যাৰ ফলত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি হয়, যি আন ৰোগৰ লক্ষণ দেখুৱাবলৈ আৰম্ভ কৰিব পাৰে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments