গুৱাহাটী,২৪ আগষ্ট : অতি শীঘ্ৰে ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত আৰম্ভ হ'ব বিমান সেৱা । ইতিমধ্যে ত্ৰিপুৰা চৰকাৰে বাংলাদেশৰ চিটাগঙলৈ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে । এই সিদ্ধান্ত সম্পৰ্কে ত্ৰিপুৰাৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীয়ে মঙলবাৰে ঘোষণা কৰে ।
সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাৰ নেতৃত্বত কেবিনেট বৈঠক অনুষ্ঠিত হৈছে । য'ত অতি সোনকালে ত্ৰিপুৰাৰ আগৰতলা আৰু বাংলাদেশৰ চিটাগঙৰ মাজত বিমান যোগাযোগ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে উড়ান আন্তঃৰাষ্ট্ৰীয় বিমান আঁচনিৰ অধীনত ভাৰত চৰকাৰে ত্ৰিপুৰাক অনুমতি দিয়াৰ লগে লগে এই সেৱাসমূহ আৰম্ভ কৰিবলৈ চৰকাৰ তৎপৰ হৈছে ।তেওঁ লগতে কয় যে বিমানসমূহ আগৰতলা আৰু চিটাগঙৰ মাজত সপ্তাহত তিনিবাৰকৈ পৰিচালনা কৰা হ'ব । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগৰতলাৰ নৱনিৰ্মিত মহাৰাজা বীৰ বিক্ৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰি তাৰ পৰা শীঘ্ৰেই আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰিছিল । ইতিমধ্যে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰা হৈছে আৰু আলোচনাৰ অন্তত ত্ৰিপুৰা চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
Comments