গুৱাহাটী, ২৫ আগষ্ট : তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলাৰ বালিজান কাৰাটে একাডেমীৰ চাৰিগৰাকী খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত পদক লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় স্বাধীনতা কাপ কাৰাটেত বালিজান কাৰাটে একাডেমীৰ সাত গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰিছিল।
ইয়াৰে আশীষ গগৈয়ে ৩০ কেজি শাখাত সোণৰ পদক, বন্তি দলে ৪৫ কেজিত সোণ, কপিল মিলিয়ে ৫০ কেজি উর্ধত ৰূপ আৰু তৃষ্ণা পায়েঙে ৫০ কেজিত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। প্রশিক্ষক ক্ৰমে দেৱজিৎ মিছিং আৰু মুন্না ৰেগনৰ তত্বাৱধানত খেলুৱৈসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
প্ৰতিগৰাকী খেলুৱৈক উৎসাহ যোগোৱাৰ উদ্দেশ্যে বালিজান মুৰং ঘৰত স্থানীয় বহু সংখ্যক ৰাইজৰ উপস্থিতিত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বালিজান কাৰাটে একাডেমীৰ সম্পাদক ৰংমন পায়েঙে আঁত ধৰা সভাত সভাপতিত্ব কৰে শিক্ষক গৌৰৱ পায়েঙে। সভাত বালিজান কাৰাটে একাডেমীৰ সভাপতি দীপজ্যোতি দলে, সাংবাদিক অজয় শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে।
ইফালে ডিবগৈত অনুষ্ঠিত এখন আন্তঃৰাজ্যিক প্রতিযোগিতাত অংশগ্ৰহণ কৰি বালিজান কাৰাটে একাডেমীৰ পৰা দুজনে সোণ, তিনিজনে ৰূপ আৰু তিনিজনে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁলোককো উক্ত সভাতে সম্বর্ধনা জ্ঞাপন কৰে ।
Comments