গুৱাহাটী,২৩ আগষ্ট:নিজৰ ক্ৰিকেট কেৰিয়াৰত তিনিবাৰকৈ ৯০ৰ ঘৰত আহি ৰৈ যোৱা শুভমান গিলে অৱশেষত সম্পূৰ্ণ কৰিলে শতৰাণ । যোৱাবাৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৰষুণৰ বাবে শতকৰ নিচেই কাষত আহিও হেৰুৱাই পেলাইছিল সেই সুবিধা । সোমবাৰে জিম্বাবুৱেৰ বিৰুদ্ধে সীমিত অভাৰ ক্ৰিকেটত কেৰিয়াৰৰ প্ৰথম শতক অৰ্জন কৰি অৱশেষত সকাহ পালে ভাৰতীয় যুৱ অ’পেনাৰ গৰাকীয়ে।
মেচখনৰ পিছত শুভমানে এজন বিশেষ ব্যক্তিৰ নামত এটা শতক উচৰ্গা কৰিলে। তেওঁ আন কোনো নহয় পিতৃ বাবা লখৱিন্দৰ। মেচ আৰু ছিৰিজৰ শ্ৰেষ্ঠ বঁটাৰে সন্মানিত হোৱা শুভমানে কয়, ‘প্ৰথমতে মোৰ দেউতা মোৰ প্ৰশিক্ষকক এই শতক উচ্চৰ্গা কৰিছোঁ।
দ্বিতীয়খন মেচত আউট হোৱাৰ পিছত দেউতাই মোক কিছু পৰামৰ্শ দিলে। ইয়াৰ পিছত মই শতৰাণ কৰিলোঁ । এই ইনিংছটো মই তেওঁৰ বাবে উৎসৰ্গা কৰিছো। মই ডট বল কম খেলিব বিচাৰিছিলো। ইয়াৰ উপৰিও মোৰ লক্ষ্য আছিল ফিল্ডিঙত ফাঁক বিচাৰি ৰান কৰা। মই বেটিং কৰিবলৈ যোৱাৰ সময়ত ৰাজা আৰু ইভান্সে ভালকৈ বলিং কৰি আছিল। সেই সময়ত বাকী বলাৰসকলক আক্ৰমণ কৰাৰ প্ৰয়োজন আছিল।"
Comments