গুৱাহাটী,২৩ আগষ্ট:এটা ফোন ভাবুকিক কেন্দ্ৰ কৰি মুম্বাইৰ এখন হোটেলত বোমাৰ আতংক বিয়পি পৰিছে । অভিযোগ অনুসৰি মঙলবাৰে পুৱা এজন ব্যক্তিয়ে ফোন কৰি কয় যে হোটেলখনৰ চাৰিটা ঠাইত বোমা স্থাপন কৰা হৈছে আৰু ৫ কোটি টকা দিয়াৰ পিছত সেই বোমা নিষ্ক্ৰিয় কৰিব । ইতিমধ্যে মুম্বাই আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে পাকিস্তানৰ এটা নম্বৰৰ পৰা মুম্বাই আৰক্ষীৰ ট্ৰেফিক কণ্ট্ৰ’ল হোৱাটছএপ নম্বৰলৈ ভাবুকি দিয়া হৈছিল যে ২৬/১১ শৈলীত পুনৰ মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ’ব । ছয়টা ঠাইত বিস্ফোৰণ কৰা হ’ব। মুম্বাই মহানগৰীটো সংঘটিত হ’ব বিস্ফোৰণ। ওছামা বিন লাডেন, আজমল কাছাব আৰু আয়মান আল জাৱাহিৰীক হত্যা কৰাৰ প্ৰতিশোধ হিচাপে কৰা হ'ব এই আক্ৰমন ।
এই ঘটনাৰ কিছুদিন পূৰ্বে মুম্বাইৰ সমীপৰ ৰায়গড়ৰ উপকূলৰ পৰা এখন পৰিত্যক্ত নাৱঁৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰক লৈ হুলস্থুলৰ সৃষ্টি হৈছিল। উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ মাজত আছে এটা এ কে-৪৭ ৰাইফল। ৰায়গড়ৰ হৰিহৰেশ্বৰ বিলৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰসহ নাওখন। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত মুম্বাইৰ হোটেলসমূহত হোৱা ভাবুকিৰ আহ্বানে এক নতুন আতংকৰ সৃষ্টি কৰিছে।
Comments